মৃত্যুৰ সংবাদেৰে সৈতে মিউনিচিপেলিটিৰ ছেয়াৰমেনলৈ
এখন চিঠি লিখি বিহিত ব্যৱস্থা হাতত লবলৈ অনুৰোধ
জনালে।
তেতিয়া মৰা মানুহজনী পৰ্ব্বতৰ কাষত পুতি থৈ কেইটা-
মান আন বনুৱাৰে সৈতে দুখীয়া ঘৰলৈ আহিছিল। তেতিয়াও
তাৰ চকুলো শুকোৱা নাই, কেচুৱাটো ওচৰৰে তিৰুতা এজনীয়ে
চাইছিল। মাধৱে গুৱাল এটা মাতি কেচুৱাটোৰ নিমিত্তে
দিনৌ একো সেৰ গাখীৰ দিয়াৰ বন্দবস্ত কৰিলে। তাৰ দাম
তেওঁ নিজে দিব।
ইয়াৰ পাচত জমাদাৰ এটা মতাই আনি মাধৱে দুখীয়াৰ
ঘৰটো পৰিষ্কাৰ কৰাই ফেনাইলেৰে ধোৱালে। ৰোগিণীৰ
কাপোৰ-কানি মৰা শৰ লগতে লৈ গৈ পোতা হৈছিল, যি
অলপ অৱশেষ আছিল তাকো তেতিয়াই পোৰাই পেলোৱা
হ'ল। ইয়াৰ ভিতৰতে মিউনিচিপেলিটিৰ হেলথ্, অফিচাৰ
আহি ঘৰৰ দাঁতি আৰু নৰ্দ্দমাত চূণ ছটিওৱালে আৰু মানুহ
বিলাকক বেজি ল’বলৈ মাতিলে। কি কি সতৰ্কতা অৱলম্বন
কৰি চলিব লাগিব সেই বিষয়ে বনুৱাহঁতক বুজাই আৰু
বিপত্নীক বনুৱাটোক নানা প্ৰকাৰে সান্ত্বনা দি মাধৱো ঘৰলৈ
উলটিল।
ঘৰ পাই মাধৱে ভালকৈ গা-পা ধুই কাপোৰ-কানি
সলালে। দুপৰ বহুত আগতে পাৰ হৈ গৈছিল। তেওঁ
সামান্য আহাৰ কৰি এক্ষন্তক বিশ্ৰাম ল'লে।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৮৪
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
আবিষ্কাৰ
