মথুৰা। সি আমাৰ আগত কথাটো ভাঙি কোৱা হ'লে,
আমি আঁতি-গুৰি ল'ব পাৰিলোঁহেতেন, কিন্তু সি যে
নামাতিলেই।
মাধৱ। তোমাললাকে তাক চোৰ বুলি সাব্যস্ত কৰি লৈ
প্ৰশ্ন কৰিছিলা, সিও ভাবিছিল হাতে হাতে ধৰা পৰি সি চোৰ
নহয় বুলি ক'লে তোমালোকে নামানা। সেই কাৰণেই তাৰ
মুখৰ মাত হৰিছিল। তদুপৰি তাৰ অৱস্থাত পৰা মানুহৰ
জ্ঞান-বুদ্ধি লোপ পোৱাও অসম্ভব নহয়। তাৰ দুখত
সহানুভূতিৰ আভাস পোৱা হ'লে তাৰ মাত ফুটিলহেতেন।
যাওক, সেই কথা আলচ কৰি আৰু লাভ নাই। হয়তো
তেনে হোৱাটোৱেই ভগৱন্তৰ ইচ্ছা।
দোকানৰ পৰা মাধৱ দুখীয়াৰ ঘৰলৈ গ'ল। যি ঠাইত
দুখীয়াৰ ঘৰ সি নগৰৰ এচুকত। ওচৰত তাৰে নিচিনা
কেইটামান বনুৱাৰ জুপুৰী। ঠাইডোখৰ লেতেৰা; ওচৰৰ
নৰ্দ্দমাৰ পানী বন্ধ হৈ থকাত তাৰ পৰা দুৰ্গন্ধ ওলাই গোটেই
ডোখৰ ঠাই জুৰিছে। বোধ কৰোঁ সেই ঠাইত কোনো ডাঙৰ
মানুহ নথকাত মিউনিচিপেলিটিৰ কোনো কৰ্মচাৰীৰ চকু তাত
পৰা নাই। মানুহবোৰৰ পাইখানা নাই। চাফ-চিকণ হৈ
চলা অভ্যাসো সিহঁতৰ নাই। সেই বাবে কাষৰ নৰ্দ্দমাতেই
সিহঁতৰ সকলো আবৰ্জ্জনা গোট খাইছে। এনে ঠাইত মানুহ
নিৰোগ হৈ থকাটোহে অস্বাভাৱিক।
মাধৱে ঠাইডোখৰ দেখি তেতিয়াই দুখীয়াৰ ঘৈণীয়েকৰ
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৮৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৫
অনুৰোধ নহয়, আদেশ