বিশ্ৰামৰ অন্তত মাধৱ প্ৰতিমাৰ ওচৰলৈ গ'ল। প্ৰতিমা
যদিও তেতিয়াই ঘাটৰ পৰা আহিছিল, তথাপি মাধৱক চোৰ
বুলি ধৰি নিয়ালৈকে সকলো খবৰ পাই আছিল। মাধৱে
গৈয়েই দেখিলে প্ৰতিমা একেবাৰেই আউলী-বাউলী হৈ জুপুকা
মাৰি বহি আছে। মাধৱক দেখিয়েই তেওঁ কান্দিবলৈ
ধৰিলে। মাধৱে তেওঁক সকলো ঘটনা কৈ সান্ত্বনা দিলে।
অলপ সুস্থিৰ হৈ প্ৰতিমাই ক'লে,-“আপুনি চিঠিখন মই
কোৱাতকৈ আগতে পঢ়িলে কিয়?”
মাধৱ। নপঢ়োঁ বুলি আছিলোঁ, কিন্তু শেহলৈকে ধৈৰ্য্য
ৰাখিব নোৱাৰিলোঁ। তুমি ব্ৰহ্মপুত্ৰলৈ গলে সেইটো ঘাটলৈকে
যাবা বুলি মই থিৰাংকৈ ভাবিছিলো। যেতিয়া মানুহটোক পানীত
পৰা দেখিছিলোঁ, তেতিয়া তাকেই তুমি বুলি বিশ্বাস কৰিছিলোঁ।
প্ৰতিমা। মোৰ নিমিত্তেই আপোনাৰ ইমান লটি-ঘটি
হ'ল। তাতকৈ আপুনি মোক মৰিবলৈ এৰি দিয়াই ভাল
হ'লহেতেন। মই জীয়াই থাকিলে আপোনাৰ আৰু কিমান
বিপদ ঘটিব, তাক কোনে জানে! আপুনি আৰু বাধা নিদিব,
মোক মাৰিবলৈ দিয়ক।
মাধৱ। মৃত্যু কোনোবা দিনা অতৰ্কিতে আহি ওলাব;
তাৰ নিমিত্তে হাবাথুৰি খাব নালাগে। এতিয়া ভাবা জীৱনৰ
কথা। এই দুদিনীয়া জীৱনৰ এটা মুহূৰ্ত্তও অবাবত যাবলৈ
দিব নোৱাৰি। কাম কৰাঁ, তোমাৰ জীৱন দুৰ্ব্বহ নহৈ
আনন্দৰ হ’ব।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৮৫
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭
অনুৰোধ নহয়, আদেশ
