পেটুৱা। ৰঘুবীৰে তেনেকৈ থ’বলৈ কৈছিল।
ইন্স্। তই বোলে তাক লোহাৰ চন্দুকৰ চাবিটো
দিছিলি? কিয় দিছিলি?
পেটুৱা। মই কেতিয়া দিছিলোঁ! হাত-বাকচত আছে
বুলিহে কৈছিলোঁ।
ইন্স্। হাত-বাকচৰ চাবিটো গাৰুৰ তলৰ পৰা নিছিলি
কিয়?
পেটুৱা। ৰঘুবীৰে খুজিছিল।
ইন্স্। সি বাৰু খুজিলেই, তই দিলি কিয়?
পেটুৱা। সি মোক এশ টকা দিম বুলিছিল।
ইন্স্। ৰঘুবীৰে টকাখিনি ক'ত থ’লে?
পেটুৱা। মই ক'ব নোৱাৰোঁ। মই তেতিয়া শুই
আছিলোঁ।
ইন্স্। তই সাৰে থাকিও টোপনিৰ ভাও ধৰিছিলি কিয়?
পেটুৱা। ৰঘুবীৰক খেদা দেখি মোকো ধৰে বুলি ভয়
লাগিছিল।
ৰঘুবীৰে ইমানতো আগেয়ে কোৱা কথাৰ বাহিৰে আন
একো নক'লে। ইন্স্ পেক্টৰে ৰঘুবীৰ আৰু পেটুৱাক হাত-
কেৰেয়া লগাবলৈ দি ক'লে,-“বুজা গৈছে, ই টকা বহুত
দূৰলৈ নিব পৰা নাই। ডেৰ ফাৰ্লং মানৰ ভিতৰতে তাক
আন মানুহে দেখিছে। ইয়াৰ পৰা বুজা যায় তাৰ আগতে
সি টকাখিনি লুকুৱাইছে। সি যে বাটৰ পৰা বেচি আঁতৰলৈ
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
আবিষ্কাৰ