পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭১
ধনৰ মোনা


যাবলৈ সময় পোৱা নাই সিও ঠিক। মোৰ বোধেৰে এই ডেৰ ফালং বাটৰ দুয়ো দাঁতিয়ে বিচাৰিলেই ধনৰ মোনাটো ওলাব। সকলোৱে এবাৰ ভালকৈ বিচাৰি চোৱাঁচোন।”
 তেতিয়া উপস্থিত সকলো মানুহেই বিচাৰিবলৈ ধৰিলে ইন্স্ পেক্টেৰৰ অনুমান সঁচা হল। ঘৰৰ পৰা অলপ দূৰতে খাৱৈত ধনৰ মোনাটো পোৱা গ'ল। খাৱৈত অলপ পানী আছিল, সেই কাৰণে মোনাৰ তল ছোৱা অলপ তিতিছিল। কিন্তু তলত নগদ টকা আৰু ওপৰত নোট থকাত নোটবোৰ বৰকৈ তিতা নাছিল। মোনাৰ ধন ঠিক মতেই ওলাল।
 ইন্স্ পেক্টৰে ৰায় চাহাবক ক'লে,-“দেখিলে এই ৰঘুবীৰ কি সাংঘাতিক মানুহ! ইয়াক ৰান্ধনি ৰাখি আপুনি নিজৰ বিপদ চপাই লৈছিল। ইয়াৰ পক্ষে নৰ হত্যাও টান কাম নহ’ব। এইবাৰ সাৰিব পৰা হ'লে ই আগলৈ আপোনাৰ সৰ্ব্বনাশ কৰিলেহেতেন। এতিয়া সকলো কথা ফটফটীয়া হৈ ওলাই পৰিল। ই ধনৰ মোনা লুকুৱাবলৈ সুযোগ নৌ পাওঁতেই আন মানুহে খেদা দেখি সাউৎকৰে খাৱৈলৈ পেলাই দি চোৰ খেদাৰ ভাও ধৰিলে, যদিও তাৰ আগত কোনো মানুহেই নাছিল। সি ভাবিছিল খেদা মানুহ ওচৰ চাপিলে সি নৈত পৰিব আৰু পিচত উঠি আহি ক’ব,-চোৰ ধৰি- ছিলোৱেই, ৰাখিব নোৱাৰিলোঁ; এৰাই গ'ল। কেনিবা গ’লেই নে মৰিলেই তৎ ধৰিব নোৱাৰিলোঁ। তেতিয়া সকলোৱে নৈত চোৰ বিচাৰি থাকোতেই সি গৈ ধনখিনি