পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
ধনৰ মোনা


নলৰিল। ঠিক এনে সময়তে দুটা মানুহে পেটুৱাক চ’ৰা ঘৰলৈ ধৰি লৈ আহিল। সি বাৰীৰ পিচ ফালে থকা ভঁৰালৰ তলত পেট পেলাই পৰি আছিল।
 ইন্সপেক্টৰে সুধিলে,-“তই পলাইছিলি কিয়?”
 পেটুৱা। ভয় লাগিছিল।
 ইন্স,। কিয়?
 পেটুৱা। চিপাহী-দাৰোগা অহা দেখি।
 ইন্স্। চিপাহী দাৰোগা দেখিনো ভয় লাগিল কিয়?
 ইন্স্ পেক্টৰৰ ইঙ্গিত মতে চিপাহীটোৱে বাওঁ হাতেৰে পেটুৱাৰ বাউসীত ধৰি জোকাৰ এটা মাৰি, সোঁহাতেৰে লাখুটিডাল দাঙিলে। পেটুৱা কঁপিবলৈ ধৰিলে। ইন্সপেক্টৰে ক'লে,-“ৰ, ৰ, নামাৰিবি; সি সঁচা কথা ক'ব। নকয়। যদি তেতিয়া যি হয় কৰা যাব।”
 তাৰ পাচত তীব্ৰ দৃষ্টিৰে পেটুৱালৈ চাই ক'লে,-“তোৰ যদি মৰিবৰ মন নাই, সঁচা কথা কবি। প্ৰথমেই কচোন বাৰু কিয় তই দুৱাৰখন আন দিনাৰ দৰে বন্ধ কৰা নাছিলি?
 পেটুৱা কিছু পৰ নিমাত হৈ থাকিল। ইন্স্ পেক্টৰে ক'লে,-“তই নকলেও আমি সকলো কথা জানিব পাৰিছোঁ। তই সচা কথা কৱ নে নকৱ তাকে চাবলৈহে তোক সুধিছোঁ। সচা কথা ক'লে তোৰেইহে ভাল হ’ব। নহ'লে মাৰ তো খাবিয়েই, আকৌ ফাটেকলৈকো যাবি। ক, কিয় দুৱাৰখনত হুক লগোৱা নাছিলি।”