ৰঘুবীৰ আৰু মাধৱ চিপাহীৰ জিম্মাত আন এটা ঘৰত
আছিল। ইন্স্ পেক্টৰৰ কথামতে চিপাহী এটাই ৰঘুবীৰক
চ’ৰালৈ আনিলে। ইন্স্ পেক্টৰে ৰঘুবীৰক ধমক দি সুধিলে,—
"টকাখিনি কি কৰিলি ক?”
ৰঘু। টকা! মই কি কৰিলোঁ।
তাৰ মুখ একেবাৰেই ক’লা পৰিল। ইন্স্ পেক্টৰে ক'লে,-
“তই যে চোৰ, সেইটো প্ৰমাণ হৈ গৈছে। এতিয়া ফাঁকি
দি মৰ কিয়?”
ৰঘু। মই চুৰ কৰিলোঁ। কোনে ক'লে?
ইন্স্। কোনে ক'ব! পেটুৱাই কৈছে। টকাখিনি
দেখি তহঁত দুয়ো আলচ কৰি এই কাম কৰিছ। তোৰ
কথামতে পেটুৱাই দুৱাৰত হুক নলগোৱাকৈ থৈছিল আৰু
কোনটো চাবি ক’ত থাকে, তোক কৈ দিছিল। সেই মতেই
তই চুৰ কৰিছিলি! এতিয়া সঁচা কথা ক, নহলে ফল বৰ
বেয়া হ’ব।
ৰঘু। মই সেইবোৰ একো নাজানো, সি মিছাকৈ
কৈছে। চোৰ ধৰি দিয়াৰ যহত এতিয়া মইহে চোৰ হ'লোঁ!
ইন্স্। কি! আকৌ মিছা কথা!সৈ নলৱ। মৰিব খুজিছ? ক, টকা ক’ত থলি।
ৰঘু। কাটকেই বা মাৰকেই, মই নোথোৱাকৈ কেনেকৈ কম।
ইন্স্ পেক্টৰে তেতিয়া তাৰ গালত ঠাচ ঠাচ দুটা চৰ
মাৰিলে। সি বাগৰি পৰিল। তথাপিও তাৰ আগৰ কথা
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭৬
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
আবিষ্কাৰ
