পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
ধনৰ মোনা


 ৰা, চা। গাৰুৰ তলত।
 ফুকন। সদায় এনেকৈয়ে থয় নে?
 ৰা, চা। হয়, সদায় থওঁ।
ফুকন। আপুনি এনেকৈ থোৱাৰ কথা আন কোনোবাই জানে নে?
 ৰা, চা। অকল পেটুৱা বোলা চাকৰটোৱে জানে।
 ফুকন। দুৱাৰ আটাইবোৰ মৰা আছিল নে।
 ৰা, চা! থাকিব লাগে। শোৱাৰ আগতে সদায় মাৰে।
 ফুকন। কোনে?
 ৰা, চা। পেটুৱাই।
 ফুকন। চোৰ কেনি সোমাইছিল?
 ৰা, চা। দুৱাৰে দি। চোৰ ওলাওঁতে সেই মুখৰখন দুৱাৰ মেলা আছিল;
 ফুকন। কোনো ফালে সিন্ধি দিয়া নাই নহয়?
 ৰা, চা। নাই, পকা ইটাৰ পিৰালিত কি সিন্ধি দিব?
 ফুকন। চোৰ ওলাই যাওঁতে পেটুৱা আছিল নে?
 ৰা, চা। তাৰ তেতিয়াও টোপনিয়েই ভগা নাছিল।
 ফুকন। পেটুৱাক মাতক।
 ৰায় চাহাবে পেটুৱাক মাতিলে, কিন্তু তাক পোৱা নগ'ল। কেইবাটাও মানুহে তাক বিচাৰিবলৈ ধৰিলে! ফুকনে ৰায় চাহাবক ক'লে,-“এতিয়া ঘটনাটো জল জল পট পট হৈ ওলাই পৰিল; টকাখিনি উলিয়াব পাৰিলেই হয়।” ,