পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
চোৰ কোন?


আমাক দেখিয়েই, নে কি তেওঁ তেতিয়াই আঁতৰি গ'ল।
 এইখিনি প্ৰশ্নোত্তৰৰ পিচত ফুকনে ৰায় চাহাবক কলে, —“চোৰ ধৰা পৰিল, এতিয়া ধনৰ মোনাটো ওলালেই হয়।”
 ৰায় চাহব।—চোৰ নো কোন?
 “আপুনি জানো অনুমান কৰা নাই? যেয়ে হওক, এতিয়া নকওঁ। এবাৰ ঘটনাস্থল চাই আহোঁগৈ।”
 এই বুলি কনিষ্টবল দুজনেৰে সৈতে সকলোটিকে লগত লৈ ইন্সপেক্টৰ ফুকন ঘটনাস্থললৈ যাবলৈ ওলাল। ঠিক এনে সময়তে মাধৱৰ চাকৰটো আৰু মথুৰাই মানুহ এটা লৈ থানা পালেহি। মাধৱে তেওঁলোকক দেখা পাই আচৰিত মানিলে আৰু কিয় আহিছে জানিব খুজিলে। মাধৱৰ চাকৰটোৱে ক'লে,-“দেউতা! ই এটা চোৰ। পুৱতী নিশা দেউতাৰ খোটালীত কিবা পৰাৰ শব্দ শুনি লৰালৰিকৈ গৈ দেখিলোঁ দেউতা নাই, মেজত এটা লেম্প জ্বলি আছে, সম্মুখৰ দুৱাৰখনো মেলা। মেজৰ ওচৰত থিয় হৈ এই মানুহটোৱে আপোনাৰ মনি-বেগটো মেলিছে। মই তেতিয়া কোনো সঁহাৰি নলগোৱাকৈ ওলাই আহিলোঁ। আৰু দুৱাৰত তল লগাই থৈ মেনেজাৰক মাতি নিলোঁহি। আমি যেতিয়া ঘূৰি যাওঁ, তেতিয়া সি হাতৰ মুঠিত দহটকীয়া নোট দুখন লৈ কান্দি আছিল। মেনেজাৰে তাক কত কথা সুধিলে, কিন্তু সি নামাতে। দেউতাকো বিচাৰি নাপালোঁ। সেইদেখি তাক থানালৈ লৈ আহিছোঁ।