পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
আবিষ্কাৰ


 মথুৰায়ো তাৰ কথাকে সমৰ্থন কৰিলে।
 মাধৱে মানুহটোলৈ চাই ক'লে,-“তই কথা নকৱ কিয়? কি হৈছে, তোৰ?”
 মানুহটো কান্দি কান্দি মাধৱৰ ভৰিত দীঘল দি পৰিল আৰু থোকাথুকিকৈ ক'বলৈ ধৰিলে,-“দেউতা! মই এটা দিন হাজিৰাত কাম কৰি খোৱা মানুহ। মোৰ নাম দুখীয়া, দিনটো কাম কৰি আঠ অনা পইচা পাওঁ, তাৰেই কোনোমতে তিৰুতাজনী আৰু কেচুৱা লৰাটোৰে সৈতে পেট প্ৰবৰ্ত্তাই থাকোঁ। যোৱা ৰাতি খাই বৈ উঠাৰ অলপ সময়ৰ পাচৰ পৰাই তিৰুতাজনীৰ ভেদ-বমি আৰম্ভ হয়। মই নিৰুপায় হলোঁ। হাতত এটা টকাও নাই, ইফালে কেচুৱাটো চাবলৈকো কোনো নাই। ভাবিলোঁ যেনেতেনে ৰাতিটো পুৱাওক, ৰাতি পুৱালেই দেউতাক খবৰ দিম। পিচে বেমাৰ ইমান টান হৈ আহিল যে পুৱালৈ বাট চাব নোৱৰা হলোঁ। কেচুৱাটোৰো টোপনি আহিছিল। মই যেনেতেনে দেউতাক খবৰটো দি যাওঁ বুলি বেমাৰী আৰু কেচুৱা দুইকো এৰি থৈ দেউতাৰ ঘৰলৈ লৰি আহিলোঁ। আহি দেখিলোঁ দুৱাৰ মেলা, ভিতৰতো চাকি জ্বলি আছে। দেউতাক, পাম বুলি আশা কৰি ভিতৰ সোমালোঁ, কিন্তু দেউতাক নাপালোঁ। মই বিবুদ্ধি হলোঁ। তেতিয়া মোৰ গাত থৰ-যুগুতি নাছিল; চকী এখনত খুন্দা খাই বাগৰি পৰিলোঁ। তাৰ পাচত কোনোমতে উঠিয়েই মেজৰ ওপৰত পইচা থোৱা বেগটো দেখা পালোঁ।