উত্তৰ।—নাই দেখা।
প্ৰশ্ন।—মানুহটো যি ফাললৈ লৰিছিল, সেই ফালে
আলিটো কিমান দূৰলৈকে দেখিছিলা?
উত্তৰ।—আলিটো পোন। ভৰলু-মুখৰ পৰা শুক্লেশ্বৰৰ
ওচৰলৈকে দেখিছিলোঁ।
প্ৰশ্ন।—মানুহটো নেদেখা হ’ল কেতিয়া?
উত্তৰ।— যেতিয়া সি ফালৰি কাটি আলিৰ পৰা নামি নৈ-
লৈ গ'ল।
প্ৰশ্ন।—তাৰ আগতে বা পাচতে কোনোবা মানুহ নৈৰ
ফাললৈ যোৱা দেখিছিলা নে?
উত্তৰ।—হয়, দেখিছিলোঁ। আমাৰ আগত যোৱা মানুহটো
নৈলৈ নামি যোৱাৰ পিচতেই আৰু কোনোবা এটা নামি যোৱা
দেখিছিলোঁ। তেওঁ পশ্চিমৰ পৰা যোৱা নাছিল, দক্ষিণ ফালৰ
আলিটোৱে দি আহিছিল বুলি অনুমান হয়।
প্ৰশ্ন।—মানুহটো নৈৰ ফাললৈ যাওঁতে কেনি গৈছিল তত
ধৰিব পাৰিছিলানে?
উত্তৰ।—নৈৰ গৰাৰ পৰা নমাৰ পাচত কাকো দেখা
নাছিলোঁ। যেতিয়া পানীৰ কাষ পালোঁগৈ, তেতিয়া মাধৱ
আৰু ৰঘুবীৰক উঠি অহা দেখিলোঁ।
প্ৰশ্ন।— তাত তিৰুতা এজনী দেখিছিলা নে?
উত্তৰ।—হয়, আমাৰ আগে আগে এজনী তিৰুতা
গৈছিল। আমি প্ৰায় একে সময়তে পানীৰ কাষ পাইছিলোঁ।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৬৮
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
আবিষ্কাৰ
