অষ্টম অধ্যায়।
-পুলিঢৰ হাতত–
ৰাতি পুৱাওঁ পুৱাওঁ হৈছে। আন্ধাৰৰ আৱৰণ পাতলি গৈ
প্ৰায় মনিব নোৱৰা হৈছে। পূব আকাশত হেঙুলীয়া ৰহণে
অলপ অলপকৈ অগ্নিগড় সজাইছে, কিন্তু সূৰ্য্য়দেৱে এতিয়াও
দেখা দিয়া নাই। আকাশৰ নক্ষত্ৰমালাৰ অধিকাংশই নিজৰ
ক্ষুদ্ৰত্ব লুকুৱাবলৈ আঁতৰি গৈছে। সুবাসিত স্নিগ্ধ সমীৰণৰ
মৃদু সঞ্চালনে আসন্ন তৰুণোদয়ৰ প্ৰীতিকৰ সংবাদ দুৱাৰে
দুৱাৰে বিলাই ফুৰিছে।
তেতিয়াও মানুহে শোৱাপাটী এৰা নাই। বাট-পথ
নিৰ্জ্জন। দিনৰ কলৰৱ আৰম্ভ হ'বলৈ এতিয়াও বহুত সময়
বাকী; মাত্ৰ ক'ৰবাত একোটা ফেঁচাই কুৰুলিয়াইছে; ক'ৰবাত
একোটা কুকুৰাই ডাক দিছে, কোনো কোনো আলিবাটত
মিউনিচিপেলিটীৰ ময়লা-গাড়ীৰ ঘৰ্ঘৰণি শুনা গৈছে।
নগৰৰ উত্তৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল বপু এতিয়াও
ভয়াবহ আকাৰ ধাৰণ কৰিয়েই আছে। উৰ্ব্বশীৰ শিলত ঠেকা
খাই কৰা তেওঁৰ তৰ্জন-গৰ্জনৰ ধ্বনি বহুত দূৰলৈকে শুনা গৈছে,
লগে লগে তেওঁৰ বিৰাট দেহৰ কম্পন আন্ধাৰতো দৃষ্টি-গোচৰ
হৈ পৰিছে! তাৰ মাজতে দুই-এটা জালোৱাই জাল পাতি
নাৱৰ বুকুত ভটিয়াই গৈছে।