ঠিক এনে সময়তে কোনোবা এটাই শুক্লেশ্বৰ ঘাটৰ পৰা
পানীত জাঁপ মাৰিলে। পিচ মুহূৰ্ত্ততে আৰু এটা মানুহ সেই-
খিনি পালেগৈ, আৰু গাৰ কাপোেৰখন পাৰতে পেলাই থৈ
একেলৰেই পানীত পৰিল। কিছু দূৰ ভটীয়াই যোৱাৰ পাচত
পিচৰ জনে আগৰ জনক ধৰিলেগৈ আৰু পানীতে দুইবো
জোঁটা-পোটা লাগিল।
হঠাৎ চাৰিজন মানুহ আহি পাৰত উপস্থিত হ’ল।
তেওঁলোক লৰি আহিছিল; সেই বাবে নৈৰ পাৰত থিয় হৈ
ফোঁপাবলৈ ধৰিলে আৰু কিবা বিচৰাৰ দৰে নৈৰ পানীলৈ
লক্ষ্য কৰিবলৈ ধৰিলে।
পানীত দবৰা-দবৰি কৰা মানুহ দুটা তেতিয়া পাৰলৈ উঠি
আহিল। তেওঁলোক এজন অনৰেৰী মেজিষ্ট্ৰেট ৰায় চাহাব
জগদানন্দ বৰকাকতীৰ হিন্দুস্থানী ৰান্ধনি ৰঘুবীৰ তেৱাৰী,
আৰু আনজন আমাৰ চিনাকী মাধৱচন্দ্ৰ ভূঞা। পাৰলৈ
উঠি অহাৰ লগে লগে ৰঘুবীৰে মাধৱক গবা মাৰি ধৰি ক'লে,—
“বেগাই আহাঁ, কোনোমতেহে ধৰিছোঁ; আকৌ পলাব।”
তেতিয়া পাৰৰ মানুহ আটাইকেইটাই মাধৱক ধৰিলে,
কিন্তু মুখলৈ চাই তেওঁক চিনিব পাৰি সকলো অবাক হল।
ৰঘুবীৰে ক'লে,-“মই চোৰ সোমাৱাৰ কথা শুনিয়েই
একে জাঁপে বাহিৰ ওলালোঁ। ওলায়েই দেখিলো, কোনোবা
এটা লৰ মাৰিছে। মই আৰু কালৈকো বাট নাচাই তাক ধৰিবৰ
মনেৰে পিছে পিচে খেদা দিলোঁ। কিন্তু সি যিহে ফিৰিঙতি
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫৯
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
পুলিচৰ হাতত
