পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯
চিঠিৰ টোপোলা


যেন আপোনাৰ চৰণত একেৰাহে সেৱা কৰিবৰ অধিকাৰ পাওঁ, পতিত-পৱন প্ৰভুৰ ওচৰত এয়ে মোৰ শেষ প্ৰাৰ্থনা। বিদায়! শেষবাৰৰ নিমিত্তে চৰণত নমস্কাৰ। ইতি

প্ৰণতা

-শিষ্যা-

 চিঠি খন পঢ়ি মাধৱে খন্তেক ভাবিলে। তাৰ পিচত ঘপহ, কৰে উঠি ডাঁৰৰ পৰা কাপোৰ এখন লৈ বাহিৰ ওলাল। তেতিয়া ৰাতি পুৱাবলৈ বেছি পলম নাছিল; ঘৰিত চাৰি বাজিছিল।