তেওঁ “ৰক্ষা কৰাঁ”, “ৰক্ষা কৰাঁ” বুলি চিঞৰত গগন ফালিছে।
মাধৱে তেতিয়া “ভয় নাই,” “ভয় নাই” বুলি খেদা মাৰি
গ’ল আৰু লগে লগে সাৰ পালে। সাৰ পাই উঠি তেওঁ
পাটীত বহিল আৰু অলপ সময় নীৰৱে চিন্তা কৰিলে। তাৰ
পিচত হঠাৎ উঠি গৈ চাকিটো জ্বলাই তেওঁ মেজত বহিল,
আৰু বধ-শপত সকলো কাতি কৰি থৈ টোপোলাটো মেলিলে।
টোপোলাটো মেলি তেওঁ দেখিলে ফুলচ, কেপ, কাগজ এখন
জোৰাকৈ তেওঁলৈ লিখা প্ৰতিমাৰ এখন চিঠি আৰু বাকীবিলাক
প্ৰতিমালৈ আনে লিখা প্ৰেম-পত্ৰ। তেওঁ বাকীবোৰ
এফলীয়াকৈ থৈ প্ৰতিমাৰ চিঠিখনকে প্ৰথমেই পঢ়িবলৈ
ধৰিলে।
শ্ৰীচৰণকমলেষু,—
মোৰ শত কোটি দণ্ডবৎ গ্ৰহণ কৰি মোৰ সকলো
অপৰাধ মাৰ্জ্জনা কৰিব। মই আপোনাক প্ৰতাৰণা কৰিছোঁ;
মই আজিও আপোনাক নিজৰ স্বৰূপ দেখুওৱা নাই। সেই
দিন যেতিয়া আপুনি মোৰ অভিভাৱকত্ব গ্ৰহণ কৰিছিল,
তেতিয়াই মই সকলো কথা আপোনাক ভাঙি ক’ব
খুজিছিলোঁ; কিন্তু নোৱাৰিলোঁ। কণ্ঠ ৰোধ হৈ গ'ল,
জিভা জড় হ’ল, শেহত কান্দি পেলালোঁ। তাৰ পিচতো
সদায় ক’ম ক’ম বুলি ভাবোঁ, কিন্তু ক’ব নোৱাৰোঁ। সেই
দেখিয়েই মুখেৰে কোৱা অসম্ভব বুলি জানি আজি কাকত-
কলমৰ আশ্ৰয় ললোঁ।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
আবিষ্কাৰ