পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
চিঠিৰ টোপোলা


 আপুনি জানে মোৰ আই পতিতা। কোনো পুৰুষৰ শাসন নোহোৱাকৈ থাকে নগৰৰ একাষৰ জুপুৰী বহাত। তালৈ কেনে মানুহৰ সমাগম হয় তাক নক'লেও হ'ব। মই পিতৃ-মুখ দেখা নাই, ঘৰত কাৰো পৰা সজ-শিক্ষা পোৱা নাই। ভূমিষ্ঠ হ’বৰ দিনাৰ পৰাই দেখিছোঁ নাৰকীয় দৃশ্য, উদ্দাম প্ৰকৃতিৰ উন্মাদ নৃত্য। সৰুডোখৰত একো বুজা নাছিলো, কিন্তু যি বয়সত সাধাৰণতে ভোগ প্ৰবৃত্তিৰ উন্মেষ হয়, মোৰ হৈছিল তাতকৈ বহুত আগেয়ে। তেতিয়া যে সম্ভোগৰ নিমিত্তে মোৰ স্বাভাৱিক স্পৃহা অছিল এনে নহয়, কোনোবাই মৰম কৰিছিল, খোৱা বস্তু দিছিল, কাপোৰ-কানি যাচিছিল, সেই কাৰণে ময়ো তেওঁলোকৰ ইচ্ছা বাধা দিয়া নাছিলোঁ। তাৰ পিচত যেতিয়া যৌৱনৰ তেজ গোটেই দেহত ফুটি উঠিল, তেতিয়া নগৰৰ গণ্যমান্য শিক্ষিত, সম্ভ্ৰান্ত লোকৰ পৰা আৰম্ভ কৰি স্কুল কলেজৰ ছাত্ৰলৈকে অসংখ্য লোকে মোৰ পিচ ললে। মইতো ব্যভিচাৰৰ মাজতেই ডাঙৰ-দীঘল হৈছোঁ, ব্যভিচাৰত মোৰ পক্ষে একো অস্বাভাৱিকতা নাছিল। তাৰ ফলতেই বহুতৰ লগত মোৰ সম্বন্ধ ঘটিল, গাত নতুন- নতুন সাজ-পাৰ, অলঙ্কাৰ-পাতি হ’ল; অভাৱ-অভিযোগ নোহোৱা হ'ল। জীৱনৰ এয়ে যেন চৰম উদ্দেশ্য, এই জীৱনেই যেন শ্ৰেষ্ঠ জীৱন, এয়ে হ’ল মোৰ ধাৰণা। যাক একোজন ডাঙৰ মানুহে দেখা কৰিবলৈ গলেও বাহিৰত আধা ঘণ্টা অপেক্ষা কৰিব লাগে তেনে একোজন মানুহো যেতিয়া মোৰ