প্ৰতিমা।—লৈ গ'লে নিজেই বুজিব পাৰিব।
মাধৱ।—বাৰু নালাগে তেনে হ’লে ক’ব।
মাধৱ টোপোলাটো লৈ ওলাই গ'ল। তেতিয়া সন্ধ্যা
লগাৰ পৰা এঘণ্টা মান অতীত হৈছিল। ঘৰ পাই মাধৱে
টোপোলাটো লেম্পৰ ওচৰলৈ নি মেলিব খোজোঁতেই ওপৰত
ডাঙৰ ডাঙৰ আখৰেৰে লিখা কথা এফাকি দেখিলেঃ –“আজি
২০ তাৰিখ, ২১ তাৰিখৰ পুৱা সাত বজাৰ আগতে যেন এই
টোপোলা মেলা নহয়। দহোকুৰি।”
তেওঁ তেতিয়া টোপোলাটো নেমেলাকৈয়ে থৈ দিলে,
কিন্তু মনলৈ নানা দুৰ্ভাবনা আহিল। এনেকৈ লিখাৰ উদ্দেশ্য।
কি তেওঁ সমূলি ঠাৱৰাব নোৱাৰিলে।
ৰাতি খাই-বৈ উঠি মাধৱ পাটীত পৰিল; কিন্তু বহুত
বেলিলৈকে তেওঁৰ টোপনি নাহিল। নানা প্ৰকাৰ চিন্তাই
তেওঁক জুমুৰি দি ধৰিলে। টোপোলাৰ ভিতৰত থকা
কাকতবোৰ কি, তাত কি লিখা আছে, ২১ তাৰিখৰ পুৱাৰ।
আগতে বা তাক কিয় মেলিবলৈ হাক দিছে, এইবোৰ ভাবি-
চিন্তি নানা কল্পনা-জল্পনাৰে তেওঁ সময় কটাবলৈ ধৰিলে।
এনেকৈয়ে প্ৰায় এক মান বজালৈকে তেওঁ ছটফটাই আছিল;
তাৰ পিচত চিল্মিলকৈ অলপ টোপনি আহিল। কিন্তু সেই
টোপনি বেছি পৰ নাথাকিল। মাধৱে এটা ভীষণ সপোন
দেখিলে। তেওঁ দেখিলে এটা দৈত্যাকাৰ মানুহে প্ৰতিমাক
কোনোবা নজনা নুশুনা ঠাইলৈ বলেৰে নিবলৈ ধৰিছে, আৰু
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
চিঠিৰ টোপোলা