পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

সপ্তম অধ্যায়।

—চিঠিৰ টোপোলা-

 জীৱনৰ নতুন বাটত প্ৰতিমাৰ আজি প্ৰায় দুমাহ হৈছে। ইয়াৰ ভিতৰত তেওঁ সকলো বিষয়তে আশাতীত ৰূপে আগ বাঢ়িছে। কাম নোহোৱা প্ৰতিমাই এতিয়া কামৰ পৰা মূৰ দাঙিবলৈকে আজৰি নাপায়। প্ৰতিমাৰ কাৰ্য্য়ত মাধৱৰ সন্তোষ; আন কি, ছাইৰ মাজৰ পৰা ফিৰিঙতি বিচাৰি উলিয়াব পৰাৰ বাবে নিজৰ সূক্ষ্ম-দৃষ্টিকে অভিনন্দিত কৰিছে।
 মাজতে দুদিন মাধৱ প্ৰতিমাৰ ঘৰলৈ যোৱা নাছিল। তাৰ কাৰণ তেওঁ গুৱাহাটীত নাছিল। তেওঁৰ মাটি-বাৰী সম্পৰ্কীয় কিবা অলপ কামৰ নিমিত্তে হঠাৎ গাৱঁলৈ যাব লগাত পৰিছিল। প্ৰতিমাই অৱশ্যে সেই কথা নাজানে।
 এই দুদিন প্ৰতিমাক বৰ বিমৰ্ষ দেখা গৈছিল। আজি মাধৱ গ’লতো আনদিনাৰ সমানে প্ৰফুল্লতা দেখাব পৰা নাছিল। মাধৱে অলপ সময়হে আছিল। দুই এটা প্ৰয়োজনীয় কথা সুধিয়েই তেওঁ আহিবলৈ ওলাল। প্ৰতিমাই ক'লে,-“এই টোপোলাটো লৈ যাওক!”
 মাধৱ।-কিহৰ টোপোলা?