পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

পঞ্চম অধ্যায়।

— অভিভাৱক —

 প্ৰতিমাৰ নৰিয়া ভাল হোৱা দুসপ্তাহমান হৈছে। ইয়াৰ ভিতৰতে সুপথ্যৰ ব্যৱস্থাৰ গুণত গালৈ আগৰ বৰণ, আগৰ তেজ ঘূৰি আহিছে। নৰিয়াৰ সময়ত তেওঁৰ পদূলিৰ আগেদি অহা-যোৱা কৰা মানুহৰ সংখ্যা কমি গৈছিল, এতিয়া আকৌ বাঢ়িবলৈ ধৰিছে। এতিয়াও মাধৱে মাজে-সময়ে ভু-ভা লৈয়েই থাকে।
 এদিন সন্ধ্যা সময়ত মাধৱ প্ৰতিমাৰ ঘৰলৈ গৈছিল। তেতিয়া প্ৰতিমাৰ মাক ঘৰত নাছিল। মাধৱে থিয়ৈ থিয়ৈ তেওঁৰ শাৰীৰিক কুশল-বাতৰি লৈ তেওঁৰ কিবা অভাব আছেনে নাই সুধিলে আৰু উত্তৰ সন্তোষজনক হোৱাত আহিবলৈ ওলাল। প্ৰতিমাই বাধা দি ক'লে- “এখন্তেক বহক। ”
 মাধৱে বহি প্ৰতিমাক সুধিলে,-“তোমাৰ কিবা প্ৰয়োজন আছে নেকি?”
 “আছে” বুলি প্ৰতিমা ওচৰ চাপি বহিলহি। তাৰ পিচত ক'লে,-“আপুনি মোক মৰিবলৈ এৰি নিদিলে কিয়?”
 মাধৱে তেওঁৰ প্ৰশ্নৰ কোনো কাৰণ বিচাৰি নাপাই থৰ লাগি ৰ'ল। তাৰ পিচত ক'লে,-“মই তোমাৰ প্ৰশ্ন বুজি