পোৱা নাই। জীৱন-মৰণ ঈশ্বৰৰ হাতত। মই মানুহ-হিচাবে
মোৰ কৰ্ত্তব্য মাথোন কৰিছো।”
প্ৰতিমা।—তাকেই বা কৰিলে কিয়? মোৰ আই পতিতা,
মই তেওঁৰ কন্যা যেতিয়া পতিতা নহ'লেও পতিতা। মোৰ
মৃত্যুৱেই ভাল আছিল।......
মাধৱ।—তোমাৰ শিক্ষা আছে, শক্তি আছে, কামত লগাব
পাৰিলে কিমান জনহিতকৰ কাম কৰিব পাৰিবা। মৃত্যু
কামনা কৰা কিয়?
প্ৰতিমা।-কিয় কৰোঁ শুনক। মোৰ বয়স এতিয়া ওঠৰ।
মোৰ ৰূপ আছে, যৌৱন আছে, এই বয়সৰ সকলো প্ৰবৃত্তি
সজাগ হৈ আছে। কিন্তু মোৰ অভিভাৱক নাই। আই
প্ৰায়ে ঘৰত নাথাকে। এই অৱস্থাৰ সুযোগ লৈ কত ডেকাই
-ডেকাইহে নালাগে আদহীয়ায়ো মোৰ ওচৰ চাপিবৰ চেষ্টা
কৰে, তাৰ লেখ-জোখ নাই। যিবিলাকে দিনত মোৰ ঘৰত ভৰি
দিলেও অপৱিত্ৰ হয় বুলি ভাবে, তেনেবোৰেই ৰাতিৰ
আন্ধাৰত মোৰ ওচৰত প্ৰেমভিক্ষা কৰিবলৈ আহে। কিন্তু
কোনেও হ'লে বিয়াৰ নাম নলয়। ইহঁতৰ হাতৰ পৰা মই
কেনেকৈ ৰক্ষা পাম, কেনেকৈ শান্তি লাভ কৰিম! এফালে
ইহঁতৰ ভয়ত দিন-ৰাতি কঁপি থাকিব লাগে, আনফালে
বাহিৰত মোৰ দুৰ্ণাম, কলঙ্কৰ প্ৰচাৰ শুনি নিজৰ জীৱনৰ
ধিক্কাৰ দিব লাগে। এদিন নহয়, দুদিন নহ।
এই ভয়, এই অপমান লৈ জীয়াই থাকি মই শাতি
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩৯
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৩১
অভিভাবক
