তৰু-তৃণ, লতা-গুল্ম আদি ৰূপেৰে প্ৰকাশ পাইছে। সেই
দেখি প্ৰত্যেকেই সেই বিৰাট দেহৰ একোটা অংশ। তোমাৰ
দেহৰ ভিতৰতে চকুৱে যদি কাণক পৰ ভাবে, হাতে যদি ভৰিক
ঘিণ কৰে, তেন্তে দেহৰ অস্তিত্বই নাথাকে, কেনেবাকৈ থাকিলেও
সি জীৰ্ণ-শীৰ্ণ হ'ব। সমাজ ৰূপ শৰীৰটোৰো এটা অংশ আন
এটাৰ ঘৃণনীয় হ'লে, গোটেই সমাজৰে অৱনতি ঘটে। সেই
কাৰণে একে শৰীৰৰ অঙ্গ-স্বৰূপ সকলো প্ৰাণীতে এটা সহজে
মনিব নোৱৰা অথচ কটকটীয়া বান্ধ আছে।
কেতিয়াবা মালৱিকাই সোধে-“আপুনি খোৱা-লোৱা,
পিন্ধা-উৰাত ইনান কিৰ্পিণালি কৰে কিয়? স্বাস্থ্যৰক্ষাৰ
নিমিত্তেও ভাল সাজ-পাৰ, ভাল আহাৰ জানো প্ৰয়োজনীয়
নহয়?
মাধৱে উত্তৰ দিয়ে, —‘ই তোমাৰ ভুল ধাৰণা। মই তুমি
কোৱা এটাতো কিৰ্পিণালি কৰা নাই। যিমানখিনিৰ প্ৰয়োজন
তাতকৈ কম কৰাকহে কিৰ্পিণালি বোলে। কিন্তু মই কেতিয়াও
তেনে নকৰোঁ। তুমি ভাবিছা যি দামী দামী সাজ-পাৰ নলয়,
অথবা নানাবিধ ব্যয়বহুল আহাৰৰ ব্যৱস্থা নকৰে, তেৱে ই
কৃপণ। আচলতে কিন্তু তেনে নহয়। জাৰ গুচাবলৈ বা
স্বাস্থ্য-ৰক্ষা কৰিবলৈ যেনে কাপোৰ আৰু সাজপাৰৰ প্ৰয়োজন
তেনে কাপোৰ বা সাজ-পাৰ লোৱাত মই কেতিয়াও আপত্তি
নকৰোঁ, শৰীৰ আৰু তাৰ শক্তি-ৰক্ষাৰ উপযোগী আহাৰৰ
ব্যৱস্থাও মোৰ আছে। কোনোৱে আধলি বা টকা এটা
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
আবিষ্কাৰ