তেওঁক লিখা-পঢ়া শিকায়, কেতিয়াবা ছবি আঁকিবলৈ শিকায়,
কেতিয়াবা ফুৰিবলৈ লগত লৈ যায়।
মাধৱৰ কাম-কাজ, চলন-ফুৰণ দেবেশ্বৰহঁতৰ লগত নিমিলি-
ছিল। সেই কাৰণে তেওঁলোকে মাধৱক পিন্ধা-উৰা, খোৱা-
লোৱা আদিলৈ বিশেষ চকু দিবৰ নিমিত্তে মাজে মাজে উপদেশ
দিছিল; ঘাইকৈ কোনো সম্বন্ধ নথকা মানুহৰ ঘৰত ৰোগী-শুশ্ৰূষা
কৰা, মানুহৰ অভাৱ হ'লে অস্পৃশ্য মানুহৰ মৃত-দেহ নিজে
কান্ধত লৈ সৎকাৰ কৰিবলৈ নিয়া আদি কাৰ্য্য দেৱেশ্বৰহঁতে
ভাল নাপাইছিল আৰু সেইবোৰ এৰি পেলাবলৈ দঢ়াই দঢ়াই
কৈছিল। মাধৱে কিন্তু তেওঁলোকৰ অনুৰোধ ৰখা নাছিল।
মালৱিকাৰ মত কিন্তু ককায়েকহঁতৰ লগত নিমিলিছিল।
তেওঁ মাধৱৰ এইবোৰ কাৰ্য্য দেখি এফালে যেনেকৈ আচৰিত
মানিছিল, আনফালে তেনেকৈ মুগ্ধও হৈছিল।
এদিন ফুৰিবলৈ যাওঁতে মালৱিকাই মাধৱক সুধিলে,—
“দাদা, আপুনি সিদিনা সেই কুলিটোৰ শটো নি সৎকাৰ
কৰিলেগৈ কিয়? ওচৰত কত মানুহ আছিল, আন কি, তাৰ
সম্পৰ্কীয় মানুহো আছিল; তেও দেখোন তাৰ পুতেকৰ বাহিৰে
আন কোনেও নুছুলে। আপোনাৰ লগত তাৰ কোনো সম্বন্ধ
নাই, তথাপি আপুনি নিলে কিয়?
মাধৱ। মোৰ লগত সম্বন্ধ নাই বুলি কোনে ক'লে
তোমাক? চোৱাঁ, সৃষ্টি-স্থিতি-প্ৰলয়ৰ মূল কাৰণ পৰমেশ্বৰ
একেজন। তেৱেঁই বহুধা বিভক্ত হৈ মানুহ-গৰু, কীট-পতঙ্গ,
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৭
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
মাধৱৰ পৰিচয়
