পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
মাধৱৰ পৰিচয়


ভাঙি জলপান এবিধ খাই যি খিনি উপকাৰ পায়, মই যদি এক অনা খৰচ কৰিয়েই সিনমানখিনি বা তাতোকৈ বেছি উপকাৰ পাব পাৰোঁ, সি মোৰ কিৰ্পিণালি নহৈ মিতব্যয়িতা হে হ’ব। তেতিয়া মই ৰাকী কেই অনাৰে খাবলৈ নোপোৱা কেইবাজনকো মোৰ দৰে একোটা জলপান খুৱাব পাৰোঁ। তদুপৰি খোৱা-লোৱা, কাপোৰ-কানি লোৱাটো মানুহৰ অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। দুখীয়াই একেখন কাপোৰেৰেই জাৰ-জহ্ কটায়, ধনীয়ে নানা প্ৰকাৰ কাপোৰ-কানি লৈও অভিযোগ কৰে। কিন্তু ইচ্ছা কৰিলে ধনীও যে সাধাৰণ কাপোৰ-কানিৰে চলিব নোৱাৰিব এনে নহয়। মই এনেকৈ কাপোৰ-কানি পিন্ধি কেতিয়াও আহুকাল বোধ কৰা নাই। তোমাক বোধকৰোঁ নক'লেও হ'ব, এশ-ডেৰশ টকাৰ সাজ- পাৰ পিন্ধা কোনো মানুহতকৈ মোৰ স্বাস্থ্য বেয়া নহয়, অথচ ছয়-সাত টকাতকৈ অধিক মূল্যৰ সাজ-পাৰ মোৰ নাই।
 মাধৱৰ কথা যে সকলোখিনি মালৱিকাই বুজে এনে নহয়,   যিখিনি বুজে তাতেই মাধৱৰ উদ্দেশ্যে তেওঁৰ শিৰ নত হয়। মাধৱক তেওঁ ভাল পায়, কেতিয়াবা জীয়েকে বাপেকক ভাল পোৱা দি, কেতিয়াবা ভনীয়েকে ককায়েকক ভাল পোৱাৰ দৰে, আকৌ কেতিয়াবা এজন অন্তৰঙ্গ বন্ধুৰ দৰে।
 প্ৰায় দিনে মালৱিকা আৰু মাধৱৰ সাক্ষাৎ হয়। মাধৱলৈ অপেক্ষা কৰাটো মালৱিকাৰ দৈনিক কাৰ্য্যৰ ভিতৰৰে এটা।