পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩০
আবিষ্কাৰ


 সুধাংশুৰ ঘৰত এসপ্তহমান থকাৰ লগে লগে মই নিজক সেই ঘৰৰ উপযোগীকৈ গঢ়ি ল'লোঁ।; সুধাংশুও সন্তুষ্ট হ'ল। প্ৰথমতে তেওঁৰ আচৰণ বৰ ভাল লাগিছিল, ময়ো শান্তিতে আছিলোঁ। কিন্তু দুসপ্তাহ পূৰ নেী হওঁতেই তেওঁৰ স্বভাৱৰ পৰিবৰ্ত্তন লক্ষ্য কৰিলোঁ; তেতিয়াহে বুজিলোঁ। শিক্ষয়িত্ৰীৰ আন গুণতকৈ বয়স আৰু সৌন্দৰ্যক কিয় আগ ঠাই দিয়া হৈছিল। মুঠতে তেওঁৰ অভিপ্ৰায় আছিল, একেজনী মানুহকে লোকক দেখুৱাই শিক্ষয়িত্ৰী আৰু ভিতৰত গৃহিণীস্বৰূপে ৰখাৰ। প্ৰথমতে তেওঁৰ এই প্ৰস্তাবত মই আপত্তি কৰিছিলোঁ। কিন্তু পিচত ভাবি চালোঁ, মই জীবিকা-উপাৰ্জ্জনৰ নিমিত্তে এনে বিধৰ চাকৰিকেই কৰিব লাগিব, আৰু এওঁৰ বাহিৰে আন- বিলাক যে সাধু পুৰুষ সিও নহয়। লগতে এইটোও ভাবিলোঁ যে তেওঁৰ প্ৰস্তাবত সম্মত হলে অকল চাকৰিটোৱেই যে থাকিব এনে নহয়, মোৰ গাত থকা আসোঁৱাহৰ বাবেও তেওঁকেই দায়ী কৰিবৰ চল লাগিব। সকলো কথা ভাবি চাই মই তেওঁৰ প্ৰস্তাব গ্ৰহণ কৰিলোঁ।
 সুধাংশুৰ ঘৰত চাৰিমাহমান থকাৰ পিচত এটি অপূৰ্ণাঙ্গ মৃত সন্তান প্ৰসব কৰি হস্পিটেলৰ মেটাৰ্নিটি ৱাৰ্ডত ঠাই ল’ব লগাত পৰিলোঁ। প্ৰায় ডেৰ মাহ তাত থকাৰ পাচত আকৌ সুধাংশুৰ ঘৰলৈকে আহিলোঁ। মোৰ শৰীৰ দিনে দিনে দুৰ্বল হৈ আহিবলৈ ধৰিলে। লাহে লাহে সাধাৰণ জ্বৰ-কাহ আদিয়ে নেৰাই হ’ল। ডাক্তৰে কিবাকিবি ঔষধ দিয়ে, কেতিয়াবা