পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৯
প্ৰতিমাৰ চিঠি


খৰচ নালাগে। নিজে উপস্থিত হৈ নাইবা ফটো পঠিয়াই আবেদন কৰক।

ঠিকনা
 
সুধাংশু শেখৰ ৰায়।
৪৫নং মাণিকতলা ষ্ট্ৰীট
কলিকতা।

 কংগ্ৰেচৰ কামত ঘূৰোঁতে কলিকতাৰ পৰা অহা দুই এজন কৰ্ম্মীৰ লগত চিনা-পৰিচয় আছিল; এজনৰ ঠিকনাও জানিছিলোঁ। তেওঁলৈ এখন টেলিগ্ৰাম কৰি চাকৰিৰ আশাত সেই দিনাই কলিকতালৈ ৰাওনা হলোঁ।
 শিয়ালদহ ষ্টেচনতে সেই ভদ্ৰলোকজনে মোৰ লগ ধৰিলে আৰু ঘৰলৈ লৈ গৈ সেই দিনাৰ সাজ তেওঁৰ ঘৰতে খুৱালে। তাৰ পাচত মই অহাৰ উদ্দেশ্য সুধিলত অলপ যোৰাফোন্দা দি ক'লোঁ,-“বৰ্ত্তমান অসমত কংগ্ৰেচৰ কাৰ্য্য়, বন্ধ হোৱাৰ নিচিনা। মোৰ আত্মীয়-স্বজন কোনো নাই; আই ঢুকাল; স্বামীৰো মৃত্যু হ'ল! এতিয়া কিবা চাকৰি-বাকৰি এটা নহলে চলিবৰ উপায় নাই। অসমত তিৰুতাৰ নিমিত্তে চাকৰি নাই বুলিলেই হয়। সেই দেখি ইয়াত এবাৰ চেষ্টা কৰি চাওঁ বুলি আহিলোঁ।” —এই দৰে কৈ জাননীখন দেখুৱালোঁ।
 তেওঁ তেতিয়া মোক জামনী দিয়া ভদ্ৰলোকজনৰ ঘৰলৈ লৈ গ'ল আৰু মোৰ অভিপ্ৰায় তেওঁক জনালে। মানুহজনে দুই-চাইটা কথা সুধি সন্তোষ প্ৰকাশ কৰিলে আৰু মোক চাকৰি দিবলৈ গাত ল'লে।