পেটেন্ট ঔষধো কিনা হয়। কেতিয়াবা দুদিনমান অলপ ভাল
পাওঁ, কিন্তু তাৰ পিচতে আকৌ অসুখ বাঢ়ি উঠে। মই দিনে
দিনে ক্ষীণাই যাবলৈ ধৰিলোঁ, দুৰ্ব্বলতাও বাঢ়ি আহিল।
শেহত ডাঙৰ ডাক্তৰৰ হতুৱাই পৰীক্ষা কৰোৱা হ'ল। পৰীক্ষাত
ডাক্তৰে যক্ষ্মাৰ জীৱাণু পালে আৰু ক'লে যে ৰোগ আৰম্ভ
হোৱা বহুত দিন হ’লএতিয়া ইয়াক আৰোগ্য কৰা সহজ
নহয়। সুধাংশুৱে তেতিয়া মোক এটা আওহতীয়া খোটালীত
থাকিবলৈ দিলে আৰু পৰিচৰ্য্য়াৰ নিমত্তে এজনী চাকৰণী
নিযুক্ত কৰিলে।
মই পোৱা দৰমহা বেঙ্কত জমা থৈছিলোঁ; আগৰ টকা
কেইটাও খৰচ কৰা নাছিলোঁ। মুঠতে সকলো মিলি মোৰ
হাতত পাঁচ শ মান টকা হৈছিল। আগেয়ে মোৰ কোনো
সুকীয়া খৰচ নাছিল। এতিয়া ঔষধৰ বাবে কিছু টকা খৰচ
কৰিব লগা হ'ল। পথ্যাদিৰ ব্যৱস্থা সুধাংশুৱেই কৰিছিল।
ৰোগ কিন্তু ভাল ন’হল; শেহত গৈ সি সাংঘাতিক অৱস্থাত
পৰিল। সুধাংশুও লাহে লাহে বিৰক্ত হৈ আহিল। শেহত
এদিন তেওঁ তেওঁৰ মনোভাব ভাঙিয়েই ক'লে। তেওঁ ক'লে,-
“চোৱাঁ প্ৰতিমা, তোমাৰ নিমিত্তে মই যথেষ্ট খৰচ কৰিলোঁ,
যথেষ্ট আহুকাল সহ্য় কৰিলোঁ; কিন্তু একো নহ'ল। এনেকৈ
ইয়াত পৰি থাকিলে কি হ’ব! তাতকৈ এবাৰ ঠাই সলাই
চোৱাঁ। তোমাৰ হাতত কিছু টকাও আছে, তাৰেই কিছু
দিন বায়ু পৰিবৰ্ত্তনৰ ব্যৱস্থা কৰাঁ।”
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩৯
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩১
প্ৰতিমাৰ চিঠি
