কিন্তু এতিয়া স্বীকাৰ কৰোঁ, আপোনাৰ ভবিষ্যৎ বাণী আখৰে
আখৰে ফলিয়ালে। আপোনাৰ আটাইবোৰ সিদ্ধান্তৰ
ভিতৰত এইটোৱেই হে সম্পূৰ্ণ নিৰ্ভুল।
আপোনালৈ চিঠি লিখাৰ সময়ত আৰু তাৰো কিছু দিন
পাচলৈকে মই সঁচাকৈয়ে মোৰ চৰিত্ৰৰ বাবে গৰ্ব্ব কৰিব পৰা
হৈয়েই আছিলোঁ। তাৰ কাৰণ দুটা। এটা হৈছে আপোনাৰ
প্ৰতি মোৰ প্ৰাণৰ আকৰ্ষণ, আৰু আনটো হৈছে মই আপোনাৰ
সহধৰ্ম্মিণী বুলি কৰ্ম্মীসকলে কৰা বিশ্বাস। প্ৰথমটো কাৰণত
মই কাকো প্ৰশ্ৰয় দিয়া নাছিলোঁ, আৰু দ্বিতীয়টো কাৰণত মোৰ
প্ৰতি অশ্ৰদ্ধাজনক কোনো ভাব দেখুৱাবলৈ কোনেও সাহ কৰা
নাছিল। দিন যিমানেই পুৰণি হবলৈ ধৰিলে, কাৰণ দুটাও
সিমানেই ক্ষীণ হৈ আহিবলৈ ধৰিলে। নানা ঠাইত ঘুৰি ফুৰি
ক্লান্ত হৈ যেতিয়া কেম্পলৈ ঘূৰি আহোঁ, তেতিয়া নানা জনে
নানা প্ৰকাৰে পৰিচৰ্য্যা কৰিবলৈ আৰম্ভ কৰে,কোনোৱে
বিচনী লৈ বিচি দিয়ে, কোনোৱে হাত-ভৰি পিটিকি দিয়ে,
কোনোৱে কপালত অ-ডি-কলোন বা আন তেনে কিবাকিবি
প্ৰয়োগ কৰে। পুৰুষৰ লগত এনেবিধৰ সাহচৰ্য্যই লাহে লাহে
মোৰ সুপ্ত কামনা আকৌ জগাই তুলিলে আৰু তেওঁলোকৰ
এনে ধৰণৰ সংস্পৰ্শত আপত্তি নথকা দেখি তেওঁলোকৰ মনৰ
সঙ্কোচো ক্ৰমশঃ আঁতৰি যাবলৈ ধৰিলে। এনেকৈ কিছু দিন
যোৱাৰ পাচত সংযমৰ সকলো বান্ধ ছিঙি এজন নেতৃস্থানীয়
কৰ্ম্মীৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ। এই যে ভেটা ভাগিল
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৬
আবিষ্কাৰ