পাবলৈ ধৰিলোঁ। মানুহক পৰিচয় দিবলৈ নহয়, সঁচাসচিকৈয়ে
মই আপোনাৰ সহধৰ্ম্মিণী হ’ব পাৰিম বুলি আশা কৰিছিলোঁ।
কিন্তু মোৰ সকলো আশা মিছা হ’ল। কত ভাবে আপোনাৰ
মন যোগাবলৈ চেষ্টা কৰিলোঁ, কামেৰে সৈতে কিমান প্ৰকাৰে
মোৰ ভালপোৱা দেখুৱালোঁ, আপোনাৰ সন্তোষৰ নিমিত্তেই
কিমান কঠোৰ নীতি পালন কৰি দিন কটালোঁ, কিন্তু
একোৱেই আপোনাৰ নিৰ্ব্বিকাৰ চিত্তত অলপো ছাব বহুৱাব
নোৱাৰিলো সচা, আপুনি মোক মৰম কৰিছিল, সকলো
বিপদ-আপদত ৰক্ষা কৰিছিল, কিন্তু তাক কৰিছিল পিতৃয়ে
কন্যাৰ প্ৰতি গুৰুৱে শিষ্যাৰ প্ৰতি কৰাৰ দৰে। আপোনাৰ
এই ব্যৱহাৰে মোৰ বাসনাৰ তীব্ৰ জুইত বিদ্ৰোহৰ ঘিউ
ঢালিলে। মই আপোনাৰ লগৰ পৰা আঁতৰি কংগ্ৰেচত যোগ
দিয়াৰ এয়ে প্ৰধান কাৰণ। তেতিয়া ভাবিছিলোঁ আঁতৰি
থাকিলে কামনাৰ তীব্ৰতা কমি আহিব, আৰু যি কাৰ্য্য়ত লাগিম
সিও আপোনাৰ কাৰ্য্য়ৰ বিৰোধী নহয়। ওচৰত থাকিলে
কেতিয়াবা অসংযত আচৰণেৰে আপোনাৰ বিৰক্তি জন্মাব পাৰোঁ
বুলিও মনত ভয় আছিল।
কংগ্ৰেচৰ কাৰ্য্য়ত লাগি প্ৰথমৰে পৰা নানা ঠাইত আদৰ
অভ্যৰ্থনা পাই বৰকৈ যে ওফন্দি উঠিছিলোঁ, সেইটো
আপোনালৈ লিখা চিঠিতে পাইছে। সেই চিঠিৰ উত্তৰত আপুনি
যি লিখিছিল তাত মই বৰ বেজাৰ পাইছিলোঁ আৰু সেই খঙতে
আপোনালৈ আৰু একো নিলিখিবলৈ স্থিৰ কৰিছিলোঁ।
১৫
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৫
প্ৰতিমাৰ চিঠি