পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৭
প্ৰতিমাৰ চিঠি


সি আৰু বন্ধ নহ'ল; কামনাৰ সোত ক্ৰমশঃ বহু ধাৰাত ব’বলৈ ধৰিলে। অতীতৰ জীৱনতকৈও এই জীৱন অধিকতৰ নিম্নগামী হৈ পৰিল। আন কি, এনে জীৱনৰ অস্বাভাবিকতাও মোৰ চকুত নপৰা হ'ল। বৰং সতীত্বই স্ত্ৰী-স্বাধীনতাৰ প্ৰধান অন্তৰায় বুলি তাক বৰ্জ্জন কৰিবলৈ নিজক আৰু আনকো বুজনি দিবলৈ- হে ওলালোঁ।
 আপোনাৰ নিশ্চয় মনত আছে, মই কংগ্ৰেচৰ কামত গুৱাহাটীলৈ গৈ আপোনাৰ ঘৰত আলহী আছিলোঁ। কিন্তু কংগ্ৰেচৰ কাম এটা চেলু মাত্ৰ, আচল উদ্দেশ্য আছিল অতি জঘন্য। তেতিয়া অন্তঃসত্বা হৈছোঁ বুলি মোৰ সন্দেহ জন্মিছিল আৰু তাৰ পৰা অব্যাহতি পাবৰ নিমিত্তে নানা উপায়ো অৱলম্বন কৰা হৈছিল। তথাপিও ভয় আছিল যদি কৃতকাৰ্য্য নহওঁ, তেনেহ'লে মোৰ মানসম্মান, প্ৰতিপত্তি সকলো নষ্ট পাব। তেতিয়া ভাবি স্থিৰ কৰিলোঁ, যদি কেইদিনমান আপোনাৰ ঘৰত আলহী থাকি আহিব পাৰোঁ, তেনেহলে লেঠাত পাৰিলেও আপোনাৰ গাত দায়িত্ব আৰোপ কৰি সমাজৰ চকুত ধূলি দিব পাৰিম। গোলাঘাটৰ সকলোৱে সমানে বিশ্বাস নকৰিলেও বহুতে আপোনাকেই মোৰ স্বামী বুলি জানে।
 সেই বৰ লেঠাৰ পৰা মুক্তি পালোঁ। অৱশ্যে তাৰ ফলত বহুত দিন শয্যাত আশ্ৰয় ল’ব লগা হৈছিল। তথাপিও মোৰ শিক্ষা নহ'ল। শেহৰ বাৰ যেতিয়া একে উদ্দেশ্যতে