সেই চিঠি মোৰ মৃত্যুৰ পিচত পোৱাৰহে দিহা কৰিলোঁহেতেন।
মই আগধৰি আৰু সন্দেহজনক ভাবে চিঠিখন দিয়াৰ উদ্দেশ্য
আছিল যাতে আপুনি আগতে নপঢ়াকৈ থাকিব নোৱাৰে।
আপুনি যেনে সৰল, পঢ়িলে যে মোৰ প্ৰত্যেকটো কথাকে বিশ্বাস
কৰিব সেইটো মই ধৰি লৈছিলোঁ। মই ভাবিছিলোঁ আপুনি
চিঠিখন পঢ়িবই আৰু মোক ৰক্ষা কৰিবলৈ যাবই। মই
তেতিয়া মোৰ সন্তানৰ দায়িত্ব আপোনাৰ গাত আৰোপ
কৰিবলৈ সুযোগ পাম; কিয়নো মোক মৰিবলৈ এৰি দিয়াতকৈ
তেনে দায়িত্ব লবলৈকে আপুনি আগ বাঢ়িব বুলি মোৰ সুদৃঢ়
বিশ্বাস আছিল। মই যি ভাবিছিলোঁ ঘাটত হোৱা ঘটনাই
তাতকৈ বহুত গুণে বেচিকৈ মোৰ উদ্দেশ্য সিদ্ধি কৰিলে; মই
নিজে আপোনাৰ গাত দায়িত্ব আৰোপ কৰিবৰ নিমিত্তে একো
নকৰাকৈ গোটেই নগৰে আপোনাৰ লগত মোৰ অভিলষিত
সম্বন্ধ সাব্যস্ত কৰিলে। মই আপোনাক দুখ কৰি দেখুৱালেও
মনত আনন্দ পালোঁ।
তাৰ পাচত মোৰ অলপ চেতনা আহিছিল আৰু আপোনাৰ
নিৰ্দ্দেশমতে কাৰ্য্য কৰি অতীত জীৱন একৰকম পাহৰি
গৈছিলোঁ। কিন্তু এইখিনিতেই আকৌ এটা নতুন সমস্যাৰ
উদ্ভব হ’ল। প্ৰথমতে আত্মৰক্ষাৰ নিমিত্তে আপোনাক প্ৰতাৰিত
কৰি যি সম্পৰ্ক স্থাপনৰ সুবিধা কৰিছিলোঁ, সি অন্তৰত লাহে
লাহে ইমান দৃঢ়ভাবে ঠাই ল'লে যে তাক আঁতৰোৱা মোৰ
অসাধ্য হ'ল। তেতিয়া মই আপোনাক অন্তৰেৰে সৈতে ভাল
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৪
আবিষ্কাৰ