কথা এই চিঠিত চমুকৈ লিখি থ'ব খুজিছোঁ।. যদি আহে হাতে
হাতে দিম, নাহিলে মোৰ মৃত্যুৰ পাচত পঠিওৱাৰ ব্যৱস্থা কৰি
যাম।
মই যিখিনি কথা লিখিম সি মোৰ ব্যক্তিগত হলেও তাৰ
পৰা আপোনাৰো উপকাৰ নোহোৱাকৈ নাথাকে। আপুনি
সংস্কাৰব্ৰতী, সেই কাৰণে আপোনাৰ কাৰ্য্য়ত শেষ মুহূৰ্ত্তত কিছু
সাহায্য কৰিব পাৰিম বুলিয়েই মোৰ কাহিনী বৰ্ণাব খুজিছোঁ।
তাৰ দ্বাৰা অতি সামান্য়ভাবে আপোনাৰ ঋণ পৰিশোধ কৰা
হ’ব বুলিও মোৰ মনত ধাৰণা জন্মিছে।
আপুনি উদাৰ, সৰল। এই উদাৰতা আৰু সৰলতা লৈয়েই
আপোনাৰ কাৰ্য্যক্ষেত্ৰত নামিছে। কিন্তু সংসাৰখন কুটিলতা
আৰু জটিলতাৰে পৰিপূৰ্ণ; সেই কাৰণে বহুত সময়তেই আপুনি
প্ৰতাৰিত হৈছে। আপুনি এতিয়াও মানব-চৰিত্ৰ ভালকৈ।
অধ্যয়ন কৰিব পৰা নাই। অকল আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰি
কাৰ্য্য় কৰিলে সদায় কৃতকাৰ্য্য় হ’ব নোৱাৰি, তাৰ আগতে
কাৰ্য্যক্ষেত্ৰ ভালকৈ পৰীক্ষা কৰি ল'ব পাৰিব লাগে।
প্ৰথমেই ধৰক নাৰী চৰিত্ৰ। সেই বিষয়ে আপোনাৰ
কোনো স্পষ্ট ধাৰণা নাই। নহ'লে মোৰ দৰে ডাঙৰ-দীঘল
হোৱা, মোৰ দৰে অৱস্থাত পৰা এজনী তিৰুতাৰ যি কোনো
কথাকে আপুনি বিশ্বাস কৰি নগ'লহেতেন। ধৰক মোৰ
চিঠিখন। সেইখন আপোনাক জালত পেলাবলৈ তৰা এখন জাল,
মাথোন। মোৰ মৰিবৰ ইচ্ছা সমূলি নাছিল, আৰু থকা হ'লে
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৩
প্ৰতিমাৰ চিঠি