পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
আবিষ্কাৰ


 ফৰিয়াদী। সিহঁতে কি ক'ব লাগিব, আগেয়ে শিকাই নথলে কেনেকৈ হ'ব?

 মাধৱ! যি জানে তাকে ক’ব, নজনা কথা তো ক'ব নালাগে।

 ফৰি। সেইদৰে হ'লে সকলো মিছ হ’ব।

 মাধৱ। তেন্তে তুমি মিছা মোকৰ্দ্দমা কৰিছা। এতিয়া মই মিছা কথা শিকাই তাক সচা কৰি দিব লাগে, নহয়?

 ফৰি। গোচৰ বুলিলে মিছা-সঁচা দুয়োটা আছে। অকল সচাঁ কথাৰে জিকিব পৰা হ'লে আকৌ উকীল ধৰিবলৈ আহোঁ কেলেই? আগে-পিচে উকীলে দেখোন নিজে সাক্ষীক মাতি আনি শিকাই লয়।

 মাধৱে তাৰ কোনো উত্তৰ নিদি ভিতৰলৈ সোমাই গ'ল। অলপ পিচতে ৰূপ পাঁচ টকা লৈ ওলাই আহি মক্কেলৰ হাতত দি ক'লে—“এইয়া তোমাৰ টকা লোৱাঁ। মই তোমাৰ মোকৰ্দ্দমা চলাব নোৱাৰোঁ।”

 মানুহটো ভেবা-চেকা খাই উকীলৰ মুখলৈ চাই থাকিল। তাকে দেখি মাধৱে ক'লে-লোৱাঁ আৰু এতিয়াই ইয়াৰ পৰা গুচি যোৱাঁ।”

 অগত্যা মানুহটোৱে টকা কেইটা লৈ বিদায় ল'লে।

 ইয়াৰ পিচত পালে দুটা দেৱানী মোকৰ্দ্দমা। তাত সাক্ষী-বাদীৰ-লেঠা বিশেষ নাছিল। কৰ্জ্জা খত্ দি টকা ধাৰ কৰি যথা-সময়ত পৰিশোধ নকৰাৰ বাবে মহাজনে আদালতৰ আশ্ৰয়