সংগঠনৰ কাৰ্য্য়ত লাহে লাহে আগ বাঢ়ি গৈছিল। তেওঁৰ
এই চেষ্টাৰ ফলত গোটেই দেশত এটা আলোড়ন দেখা
গৈছিল। কিন্তু অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ পৰা
ৰাজনীতিৰ প্ৰবল সোঁতে আন সকলো আন্দোলন উটুৱাই
নিলে। তেতিয়াৰে পৰা তেওঁৰ কাৰ্য্য অকল আৰ্ত্তসেৱাতে
সীমাবদ্ধ হৈ পৰিল।
এইখিনিতে কোৱা ভাল যে গুৱাহাটীত মাধৱৰ পিতাকৰ এটা ঘৰ আছিল। কলেজত পঢ়োঁতে তেওঁ সেই ঘৰতে আছিল; লগত আছিল মাত্ৰ এটা চাকৰ।
মাধৱে যদিও বি, এল, পঢ়িছিল, তথাপি ৰোগী পৰিচৰ্য্যা,ধাত্ৰীবিদ্যা আদিৰ শিক্ষাতহে তেওঁ বেচি আগ্ৰহ প্ৰকাশ কৰিছিল। মাজে মাজে তেওঁ ডাক্তৰৰ ঘৰলৈ গৈ সন্দেহজনক কথাৰ মীমাংসা কৰাই লৈছিল।
যথা সময়ত তেওঁ বি, এল, পাচ্ কৰি উকীল হ’ল, কিন্তু তেওঁৰ ওকালতি তিনি মাহতকৈ বেচি নচলিল। ইয়াৰ ভিত-ৰত তেওঁ মোকৰ্দ্দমা পাইছিল মাত্ৰ চাৰিটা। প্ৰথমটো আছিল এটা মাৰ-পিটৰ ফৌজদাৰী মোকৰ্দ্দমা। তেওঁক পাঁচ টকা বয়না দি ফৰীয়াদী পক্ষই ধৰিছিল। যিদিনা মোকৰ্দ্দমা উঠিব তাৰ দুদিন আগতে ফৰিয়াদী আহি সুধিলে,—“দেউতা, সাক্ষী-কেইটা আপোনাৰ ওচৰলৈ কেতিয়া আনিম?”
মাধৱ। মোৰ ওচৰলৈ আনি কি কৰিবা? যিদিনা মোকৰ্দ্দমাৰ সোধ হ’ব, সেইদিনা কাছাৰীলৈ লৈ যাবা।