পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
মাধৱৰ পৰিচয়


ল’ব লগাত পৰিছিল। প্ৰথমটো মোকৰ্দ্দমাৰ দিন পৰাৰ আগতে দেনাদাৰৰ সকলো অৱস্থা অনুসন্ধান কৰি মাধৱে বুজিলে,কোনো কু-মতলবত সি ধন নিদিয়াকৈ থকা নাই; অভাবেইহে তাৰ স্বভাৱ নষ্ট কৰিছে। তেওঁ তেতিয়া দেনাদাৰক মতাই আনি মাহে মাহে অলপ অলপকৈ পৰিশোধ কৰাৰ বন্দৱস্তত,পাত্তনাদাৰৰ লগত মিট্-মাট্ কৰাই দিলে।
 দ্বিতীয়টো দেৱানী মোকৰ্দ্দমাৰ যি দেনাদাৰ, তাৰ থকা ঘৰৰ ভেটিটোৰ বাহিৰে আন একো নাছিল। তাৰ ঘৈণীয়েক আৰু লৰা-ছোৱালীৰ নৰিয়াৰ সময়ত সেই টকা ধাৰ কৰা হৈছিল। অকল সেয়ে নহয়, সেই টকাই নোজোবাত তাৰ ঘৰৰ ভেটিটোৰ বাহিৰে স্থাৱৰ-অস্থাৱৰ সম্পত্তি যি আছিল তাকো বেচি চিকিৎসা চলালে। ইমানতে তাৰ ভাগ্য প্ৰসন্ন নহ'ল। এটা এটাকৈ তাৰ ঘৈণীয়েক, দুটা ল'ৰা আৰু এজনী ছোৱালী মৃত্যুৰ মুখত পৰিল। এতিয়া আছে মাত্ৰ তাৰ ঘৰৰ ভেটিটো আৰু সৰু লৰা এটা। সকলো কথা জানি মাধৱে তেওঁৰ মক্কেলক ক'লে—“চোৱাঁ এই মানুহটোৰ ওপৰত মোকৰ্দ্দমা চলোৱাটো বৰ নিষ্ঠুৰ কাম হব। ইফালে তোমাৰ টকাকেইটা এনেয়ে যোৱাও সন্তোষৰ কাম নহয়। সেই কাৰণে তুমি তাৰ সুতথিনি এৰি দিয়া, মূলখিনি ময়ে দিওঁ। সি যদি কেতিয়াবা মোক দিব পাৰে দিব, নোৱাৰে নাই।”
 মক্কেল তাতে সম্মত হ'ল। নহ'বলৈ ঘৰৰ ভেটিটোত যে সেইখিনি টকাও ওলাৱ, তাৰ আশা কম আছিল। মাধৱে