পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১১
সংগঠনৰ নমুনা


সুযোগ নোপাৱাত তেওঁলোকৰ সেই শক্তি সুপ্ত অৱস্থাতে থাকি যায়। এইজন কৰ্ম্মীয়েই এদিন ক্ষেত্ৰৰ অভাৱত অকৰ্ম্মণ্য হৈ আছিল। আজি তেওঁ মনোমত কৰ্ম্মক্ষেত্ৰ পাই অসম্ভবক সম্ভব কৰি তুলিব পাৰিছে। তেওঁক আৰ্হি লৈ যদি প্ৰত্যেক মহ- কুমাতে দুই-এজনকৈও এনে কৰ্ম্মী ওলায়, তেন্তে দহ বছৰৰ ভিতৰতে দেশৰ শ্ৰী বদলি হৈ যাব। শিক্ষিত নিবনুৱাসকলে এওঁৰ আৰ্হি ল’লে নিজৰ আৰু দেশৰ প্ৰভূত কল্যান সাধিব পাৰিব।”
 সভাপতি ডাঙৰীয়ায়ো হাবিৰামক বিস্তৰ প্ৰশংসা কৰিলে আৰু ৰাইজকো ধন্যবাদ জনালে। স্কুলখন বোৰ্ডৰ অন্তভুক্ত কৰিবলৈ তেতিয়াই তেওঁ গাত ল'লে, লগতে লোকেল বোৰ্ডৰ খৰচত স্কুলৰ ওচৰত এটা পকা কুঁৱা দিবলৈ আৰু ৰাইজে বন্ধা আলিটোৰ ভবিষ্যৎ মেৰামতিৰ ভাৰ লবলৈ প্ৰতিশ্ৰুতি দিলে।
 হাবিৰামে কলে,-“আগেয়ে যদিও এনে কাৰ্য্য় আৰম্ভ কৰা টান কাম আছিল, এতিয়া তেনে নহয়। ইয়াৰ ভিতৰতে বহুতো গাৱৰ মানুহৰ লগত মোৰ চিনা পৰিচয় হৈছে আৰু তেওঁলোকেও মোক বিচাৰিছে। এই গাৱঁৰ সংগঠন এক প্ৰকাৰ আৰম্ভ হৈছে, স্কুলখনো বোৰ্ডে গ্ৰহণ কৰিছে। এতেকে ইয়াৰ পৰি- চালনাৰ ভাৰ বোৰ্ডে আন শিক্ষকৰ ওপৰত দি মোক অজৰাই দিব লাগে যাতে সোনকালে মই আন এখন এনে গাৱঁত কাৰ্য্য আৰম্ভ কৰিব পাৰোঁ।”