পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১০
আবিষ্কাৰ


কীৰ্ত্তন শেষ হৈছে। গাৱঁৰ মানুহৰ উপৰিও আন ঠাইৰ নিমন্ত্ৰিত লোক বহুত গোট খাইছে। নগৰৰ পৰাও কেই গৰাকীমান ভদ্ৰলোক উৎসৱত যোগ দিবলৈ আহিছে। তাৰ ভিতৰত লোকেল বোৰ্ডৰ ছেয়াৰমেন আৰু ডেপুটি ইন্সপেক্টৰৰ নাম বিশেষভাবে উল্লেখযোগ্য। ছেয়াৰমেন ডাঙৰীয়াই আজিৰ সভাৰ নিৰ্ব্বাচিত সভাপতি।
 এটি বৰগীতেৰে সভাৰ কাৰ্য্য় আৰম্ভ কৰা হ’ল। হাবিৰামে বছেৰেকীয়া বিপোৰ্ট পাঠ কৰিলে। তাৰ পৰা জানিব পৰা গ’ল যে পুৱা-গধূলি দুই বেলা স্কুল সমানে চলি আছে। প্ৰায় সকলো লৰা-ছোৱালীয়েই আখৰ চিনা হৈছে। বয়সিয়ালৰ ভিতৰতো আধা-আধিয়ে কীৰ্ত্তন পুথি জোঁটাই জোঁটাই পঢ়িব পৰা হৈছে। ভীম-চৰিতৰ পদ বহুতৰ মুখে মুখে।
 স্কুল চলোৱাৰ বাহিৰেও সকলো গঞা লগ লাগি আলিবাট বান্ধি লৈছে, নামঘৰ সাজিছে আৰু লগে লগে ঘৰৰ ভিতৰতো কিছুমান নীতি-নিয়ম পালি চলিবলৈ শিকিছে। মুঠতে এবছৰৰ ভিতৰত এই গাঁৱৰ যি পৰিমাণে সংস্কাৰ সাধন হৈছে, এনেকৈ চলিলে চাৰি-পাঁচ বছৰৰ ভিতৰতে ই এখন উন্নত অসমীয়া গাৱঁত পৰিণত হ'ব বুলি বিশ্বাস কৰিব পাৰি।
 মাধৱৰ মনত পৰম আনন্দ। হাবিৰামৰ পৰা তেওঁ যিমান আশা কৰিছিল তাতকৈ বহুতো বেচি কাম হোৱা দেখি হাবিৰামক বিশেষ প্ৰশংসা কৰি ক'লে,-“আমাৰ ডেকাসকলৰ কৰ্ম্মশক্তি যথেষ্ট আছে, কিন্তু উপযুক্ত ক্ষেত্ৰত নিযুক্ত হ’বলৈ