পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১২
আবিষ্কাৰ


 হাৰিৰামৰ কথাত ৰাইজৰ দুৰ্ঘোৰ আপত্তি উঠিল। তেওঁলোকে কোনোমতেই হাবিৰামক এৰি নিদিয়ে। অগত্যা ছেয়াৰমেন, ডেপুটি ইন্স্ পেক্টৰ, মাধৱ আদি সকলোৱে পৰামৰ্শ কৰি স্থিৰ কৰিলে যে আৰু এবছৰলৈ হাবিৰাম সেই স্কুলত থাকিব। গাওঁবুঢ়াৰ পুতেক তেওঁৰ সহকাৰী হ'ব। ইয়াৰ ভিতৰতে হাবিৰামে আজৰি সময়ত আন এখন গাৱঁত কাম আৰম্ভ কৰিবলৈ আয়োজন কৰিব পাৰিব। এবছৰৰ মূৰত বোৰ্ডে নতুন শিক্ষক নিযুক্ত কৰি তেওঁক অজৰাই দিব।
 সভাত চাৰিটা আবৃত্তিও হৈছিল। আবৃত্তি কেইটা অতি উৎকৃষ্ট নহ'লেও সমজুৱাক সন্তোষ দিব পৰা বিধৰ হৈছিল।
 সভাৰ অন্তত প্ৰসাদ বিতৰণ হয় আৰু দূৰণিবটীয়া অভ্যাগত- সকলক সামান্য জলযোগ কৰোৱা হয়।
 ৰাতি খটাসুৰ বধ ভাওনা। হাবিৰামৰ যত্নত বনুৱাসকলৰ ভিতৰতে এটা ভাওনাৰ জোৰাও হৈ উঠিছে। অৱশ্যে গায়ন, বায়ন আৰু সূত্ৰধাৰ ওচৰৰে এখন অসমীয়া গাৱঁৰ। এই কেইটা কাম বনুৱাহঁতে এতিয়াও ভালকৈ চলাব পৰা হোৱা নাই।
 নতুন জোৰাৰ আয়োজন হিচাপে ভাওনা ভালেই হৈছিল; ক’ৰবাত কিবা আসোঁৱাহ থাকিলেও দৰ্শকসকলে তাক ধৰিব- লগীয়া বুলি নাভাবিছিল। বনুৱাহঁতৰ ভাওনা কেনে হয় চাবলৈ বহুত দূৰৈৰ মানুহ আহিছিল।
 ছেয়াৰমেন, ডেপুটি আৰু মাধৱ ভাওনাত উপস্থিত আছিল।