মাধৱ। সেই কথা মোৰ বাহিৰে আনে নজনাই ভাল বুলি
এতিয়াও মোৰ ধাৰণা। কিন্তু আপুনি যেতিয়া নুশুনিলে
সন্তুষ্ট নহয়, অগত্যা ক’ব লগাত পাৰিলোঁ। মোৰ কিবা
অপৰাধ পালে ক্ষমা কৰিব। শুনক—মই এই ঘৰত থকা
এতিয়া আঠ বছৰৰ ওপৰ হ’ল। এই গোটেইখিনি দিনতে
ময়ো আপোনালোকৰ ঘৰৰে এজনৰ দৰে আছিলোঁ।
আপোনাৰ ব্যৱহাৰত মই মুগ্ধ হৈছিলোঁ। যদিও মই কোনো-
কোনোৰ মতে বলিয়া, কোনো-কোনোৰ মতে লম্পট, তথাপি
আপুনি কাৰো কথালৈ কাণ নিদি মোক বুজিবৰ চেষ্টা কৰি-
ছিল। তাৰ পিচত মালবিকা। সেই সৰু ছোৱালীটীৰে পৰা
দেখি-শুনি আৰু লগত লৈ ফুৰাই মালবিকাক নেদেখিলে মই
শান্তি নোপোৱা হৈছিলোঁ। মালবিকায়ে মোক লগ পাবলৈ
সদায় উদ্বেগেৰে অপেক্ষা কৰিছিল। মোৰ ওপৰত মালবিকাৰ
অটল বিশ্বাস আছিল। মোৰ বিৰুদ্ধে হাজাৰে হাজাৰ কথা
কলেও মালবিকাই তাক বিশ্বাস নকৰিছিল। মোৰ ওচৰত
তেওঁৰ কোনো ভয়-সঙ্কোচ নাছিল। এনে সৰল, সংযত আৰু
নিৰ্ভীক স্বভাৱৰ যুৱতী মালবিকাৰ দৰে আৰু কাকো মই দেখা
নাছিলোঁ। সেই কাৰণে মালবিকাই মোক মুগ্ধ কৰিছিল,
মালবিকাৰ সাহচৰ্য্য়ই মোৰ উৎসাহ, উদ্যম দুগুণে বঢ়াইহিল।
বিয়াৰ লগে লগে তেওঁ এই ঠাই এৰি যাব, এই ঠাই তেতিয়া
মৰিশালিৰ দৰে হ’ব—এই চিন্তাই মোক ব্যাকুল কৰি তুলিলে।
শেহত তেওঁ ইয়াৰ পৰা আঁতৰি যোৱাৰ দৃশ্য যাতে মোৰ চকুত
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৮
আবিষ্কাৰ