পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৯
হিচাপৰ ভুল


নপৰে, সেই উদ্দেশ্যেই তাৰ আগতে আঁতৰিবলৈ মই প্ৰস্তুত হলোঁ। দৰা অহাৰ আগতেই আঁতৰ হলোঁ এই বাবে যাতে যি জনে মোৰ পৰা মালবিকাৰ চিৰ-বিচ্ছেদ ঘটাব, তেওঁৰ আগমন মোৰ চকুত নপৰে।
 মহেশ্বৰ। তুমি মালবিকাক ইমান ভাল পাইছিল।?
 মাধৱ। পাইছিলোঁ।
 মহেশ্বৰ। তেন্তে বিয়া কৰাবলৈ আগ নাবাঢ়িলা কিয়? বিয়াত তো কোনো বাধা নাছিল। তুমি কেতিয়াও তেনে ভাবৰ আভাস নিদিলা কিয়?
 মাধৱ। বিয়া কৰাবৰ মোৰ ইচ্ছা নাছিল।
 মহেশ্বৰ। কিয়?
 মাধৱ। আপুনি মোৰ জীৱন-যাত্ৰাৰ পদ্ধতি জানে। মই যদি কাৰবাক বিয়া কৰাওঁ, তেৱোঁ মোৰ পথৰেই পথিক হ'ব লাগিব। কিন্তু তেনে জীৱন অতিবাহিত কৰি কোনোবা নাৰী সুখী হ'ব পাৰিব বুলি মোৰ বিশ্বাস নাছিল।
 মহেশ্বৰ। আৰু এটা কথা। তুমি মালবিকাৰ লগত বিচ্ছেদ ঘটাৰ বাবেই নিৰুদ্দেশ হৈছিলা; অথচ দামোদৰৰ লগত বিবাহ স্থিৰ কৰোতে কোনো প্ৰতিবাদ নকৰি সমৰ্থন কৰিছিলা। ইয়াৰ কাৰণ কি?
 মাধৱ। মই আগেয়ে কৈছো মই মালবিকাক ভাল পাওঁ, মৰম কৰোঁ। সেই বাবে তেওঁ কেনেকৈ সুখত থাকিব পাৰিব এয়ে মোৰ চিন্তা আছিল। মই যদিও জানিছিলোঁ মই