মহেশ্বৰ। জানো কিন্তু কৈ-মেলিও জানো যাব
নোৱাৰিলাহেতেন? নাইবা দুই এদিন পলমে যোৱা হ'লেও
জানো নহ'লহেতেন?
মাধৱ। হ'লহেতেন!
মহেশ্বৰে। তেন্তে তোমাৰ গন্তব্যস্থানৰ কথা গোপন
কৰাত আৰু কোনেও নজনাকৈ ইয়াৰ পৰা যোৱাত নিশ্চয়
তোমাৰ আৰু কিবা উদ্দেশ্য আছিল।
মাধৱ। হয়, আছিল।
মহেশ্বৰ। এতিয়া চাগৈ ক'বলৈ আপত্তি নাই।
মাধৱ। আহে।
মহেশ্বৰ। মই শুনিলেও কিবা হানি হ'ব বুলি ভাবা নে?
মাধৱ | নাভাবোঁ কিন্তু কথাটো কাকো কবলগীয়া নহয়।
মহেশ্বৰ। শুনা মাধৱ, তুমি নিজে জানা তোমাক মই
মোৰ নিজৰ লৰাতকৈ বেলেগ নেদেখোঁ, আন কি, নিজৰ
লৰাতকৈ ও তোমাৰ ওপৰত মোৰ বিশ্বাস বেচি। তাৰ প্ৰমাণ
তুমি নিজেই বহুত সময়ত পাইছা। সেই কাৰণেই তোমাৰ
সুখ-দুখৰ কথা জানিবলৈ মোৰ অধিকাৰ আছে বুলিও বিবেচনা
কৰোঁ। অকল সেয়ে নহয়, তুমি যিভাবে আৰু যেনে সময়ত
বিয়া ঘৰ এৰি গ'লা, তাৰপৰা এই বিয়াৰ লগত তোমাৰ
নিৰুদ্দেশৰ কিবা সম্পৰ্ক আছে বুলি মোৰ মনত খেলাইছে।
তোমাৰ পৰা প্ৰকৃত ঘটনাটো জানিব পাৰিলে মোৰ মনৰ
খুদুৱনি মাৰ যাব।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০৫
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৭
হিচাপৰ ভুল
