পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
আবিষ্কাৰ


কাৰবাৰ নিমন্ত্ৰণত খোৱাৰ বাহিৰে নিজৰ ঘৰত তেওঁ কেতিয়াও,নাখায়। এইদৰে চলি তেওঁ নিজৰ খৰচৰ টকাৰ পৰা যি ৰাহি কৰিব পাৰে, তাৰে কোনো নিৰাশ্ৰয় ৰোগীক পথ্য কিনি দিয়ে নাইবা জাৰত লবলৈ কম্বলকে এখন দিয়ে। ফুৰা-চকা কৰোঁতেই তেওঁ গোটেই নগৰৰ বাতৰি গোটায়। কোন ঠাইত কি আছে, কাৰ ঘৰত নৰিয়া হৈছে, কোন ঠাইত সংক্ৰামক ব্যাধি হৈছে, ক'ত ডাক্তৰ বা শুশ্ৰূষাৰ প্ৰয়োজন ইত্যাদি সংবাদ সংগ্ৰহ কৰাই তেওঁৰ প্ৰধান উদ্দেশ্য। যিবোৰ ঠাইলৈ আন ভাল মানুহ কেতিয়াও নাযায়, তেনেবোৰ ঠাইলৈ যাবলৈকো তেওঁ অলপো সঙ্কোচ নকৰে। আন কি, মেতৰ-পটিত ৰাতি থাকি ৰোগী শুশ্ৰূষা কৰিবলৈও তেওঁ কুণ্ঠা বোধ নকৰে।কেতিয়াবা কোনো সহায়-সাৰথিহীন ৰোগীক পৰ দি তেওঁ কলেজকে খতি কৰিছিল। বন্ধৰ দিনত তেওঁ আহতীয়া গাওঁ -ভুইবোৰলৈ গৈ তাৰ মানুহবিলাকৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰাবলৈ যত্ন কৰিছিল; যাতে তেওঁলোকে সজ নীতি, সদাচাৰ আৰু সুশিক্ষা লাভ কৰি সকলো প্ৰকাৰে স্বাৱ-লম্বী হৈ উঠিব পাৰে তাৰ নিমিত্তে নানা প্ৰকাৰে বুজনি দিছিল। কেতিয়াবা গাঁৱৰ লৰাহঁতক লগত লৈ নিজেই বাট-পদূলি পৰিষ্কাৰ কৰাত লাগি গৈছিল। মাজে মাজে অস্পৃশ্যতা-নিবাৰণ, গাও-সংগঠন, শিক্ষা-প্ৰচাৰ, স্বাস্থ্যনীতি আদি নানান বিষয়ে সৰু সৰু পুথি ছপাই গোটেই দেশতে বিলাই দিছিল।এনেকৈয়ে তেওঁ অসমৰ নানা ঠাইত সমাজ সংস্কাৰ আৰু