পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

তৃতীয় অধ্যায়।

-মাধৰৰ পৰিচয়-

 মাধৱৰ পূৰা নাম মাধৱচন্দ্ৰ ভূঞা; জাতত কায়স্থ, ঘৰ কামৰূপৰ এখন গাৱঁত। মাধৱৰ পিতাক নিজে শিক্ষিত আছিল, আৰু অৱস্থাও আছিল চকুত লগা। সেই কাৰণে তেওঁ তেওঁৰ দুয়োটা ল'ৰাকে উচ্চ শিক্ষা দিব পাৰিছিল। মাধৱৰ ককায়েক যাদৱে এম, এ, পাচ কৰি হাকিমৰ কাম পায়। এতিয়াও তেওঁ সেই কাম সুখ্যাতিৰে কৰি আছে। মাধৱে যেতিয়া বি, এল, পঢ়ে তেতিয়াই তেওঁৰ পিতাক স্বৰ্গী হয়। মৃত্যুৰ সময়ত তেওঁ তেওঁৰ স্থাৱৰ অস্থাৱৰ সকলো সম্পত্তি উইল কৰি দুয়ো পুতেককে ভাগ কৰি দি যায়।

 মাধৱ পঢ়া-শুনাত ভাল আছিল যদিও, তেওঁৰ স্বভাৱটো আছিল কাৰো লগত নিমিলা। পিন্ধা-উৰা, খোৱা-লোৱা,ফুৰা-চকা একোতে সহপাঠীবিলাকৰ লগত তেওঁৰ মিল দেখা নগৈছিল। আনকি, কলেজত পঢ়োঁতেও তেওঁ কেতিয়াবাহে জোতা পিন্ধে। সৰিয়হৰ তেলৰ বাহিৰে আন তেলৰ লগত তেওঁৰ সম্বন্ধ নাই। খোৱাৰ ভিতৰত দুবেলা দুসাজ ভাত,আবেলি দৈ-চিৰা বা কোমল চাউল, সিও নহ'লে শুদা ভীমকল খায়েই তেওঁ সন্তুষ্ট। চাহ, মিঠাই, কে’ক্ আদি কেতিয়াবা