পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
আবিষ্কাৰ


 মাধৱ ভিতৰ সোমাই বাকচ এটাৰ ওপৰতে ডালিম দুটা থ'লে। তাৰ পিচত প্ৰতিমাৰ মূৰৰ কাষতে খাটত বহিল আৰু হাত এখনত ধৰি নাড়ী চালে। তাৰ পিচত সেই হাতত ধৰা ভাৱেই তেওঁৰ গা কেনে লাগিছে, ভোক লাগিছে নে নাই, দিনত কি খাইছিল ইত্যাদি প্ৰশ্ন কৰিলে। প্ৰতিমাৰ উত্তৰত সকলো লক্ষণ ভাল দেখি তেওঁ ক'লে,-“এতিয়া আৰু কোনো ভয়ৰ কাৰণ নাই, ঈশ্বৰে চকু মেলি চালে।”

 প্ৰতিমাই এই কথা শুনি এটা দীঘল হুমুনিয়াহ কাঢ়িলে। চকুৰ কোণত নিয়ৰৰ টোপালৰ দৰে দুটোপাল চকুলো দেখা গ'ল। মাধৱৰ কিন্তু তাত চকু নপৰিল। তেওঁ পথ্যাদিৰ সম্পৰ্কে মাকক উপদেশ দি অলপ পিচতে বিদায় ললে।