পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬০
আবিষ্কাৰ


 প্ৰতিমা। কিন্তু কংগ্ৰেচে এনে বিষয়ত অসহযোগ কৰিবলৈ কোৱা নাই।
 মাধৱ। কৈছে নে নাই, মই ক'ব নোৱাৰোঁ। যদি কোৱা নাই কংগ্ৰেচৰ অসহযোগ-নীতি ঠিক থকা নাই। কংগ্ৰেচে অসহযোগ কৰিছে কেলেই? কাৰণ বৰ্ত্তমান ভাৰতবৰ্ষ অনুন্নত, আভ্যন্তৰিক অৱস্থা শোচনীয়। এনে অৱস্থাত আবেদন-নিবেদনেৰে, নাইবা প্ৰভুৰ প্ৰতি ভৃত্যৰ যেনে সহযোগিতা তেনে সহযোগিতাৰে কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰে। এফালে আত্মাভিমানী শাসক-সম্প্ৰদায়ৰ লগত সহযোগিতা বৰ্জ্জন কৰি, আনফালে ভিতৰুৱা দুৰ্ব্ব লতা- বোৰ গুচাই যদি ভাৰতবাসী কেতিয়াবা আত্মনিৰ্ভৰশীল, আত্ম- মৰ্য্য়াদাসম্পন্ন উন্নত জাতিৰ শাৰীলৈ উঠিব পাৰে, তেন্তে শাসক সম্প্ৰদায়ে ভাৰতক তেওঁলোকৰ সমান অধিকাৰ নিদিয়াকৈ থাকিব নোৱাৰিব। ৰাজনৈতিক বিষয়ত যিটো সত্য, সামাজিক বিষয়তো সি সত্য ন’হৈ নোৱাৰে।
 প্ৰতিমা। পিচে সভাত কি সিদ্ধান্ত হ'ল?
 মাধৱ। সিদ্ধান্ত নো কি হ'ব? প্ৰত্যেক সম্প্ৰদায়ৰ আবেদনকাৰীসকলৰ মত যে, তেওঁলোকক উন্নত সম্প্ৰদায়ৰ লগত ঠাই দিব লাগে, কিন্তু তেওঁলোকে তেওঁলোকতকৈ অনুন্নত সকলক তেওঁলোকৰ সমাজত মিহলি হ'বলৈ দিব নোৱাৰে। সিবিলাক অস্পৃশ্য হৈয়েই থাকিব লাগিব। মই আগেয়ে নামাতোঁ বুলিয়েই আছিলোঁ, কিন্তু যেতিয়া সভাপতিয়ে মোৰ