পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬১
অনুন্নভৰ মনোবৃত্তি


মতামত সুধিলে মই মাতিবলৈ বাধ্য হলোঁ। মই কলোঁ,— “আবেদনকাৰীসকলৰ মনোবৃত্তিৰ মই শলাগ ল'ব নোৱাৰি তেওঁলোকৰ উদ্দেশ্য তেওঁলোকৰ ওপৰ ফালে থকা ঢাপটো ভাঙি দি, সেই ফালে যিমান দূৰলৈকে ইচ্ছা তেওঁলোকক মহটিয়াই ফুৰিবলৈ দিব লাগে, কিন্তু নামফালৰ ঢাপটো আগত- কৈও ওখকৈ মাৰিব লাগে যাতে সেইফালৰপৰা কোনো লোক তেওঁলোকৰ বাৰীত সোমাব নোৱাৰে। মই এনে প্ৰস্তাব সমৰ্থন কৰিব নোৱাৰোঁ, বৰং তাৰ বিৰোধিতা কৰোঁ। মোৰ মতে হিন্দুৰ নীতি-নিয়ম পূৰাকৈ মানি চলা সকলো অনাচৰণীয় লোক আজিৰ পৰা জলচৰণীয় হওক—এয়ে হ’ব লাগে প্ৰস্তাব।” প্ৰস্তাবটো যদিও মই যথাৰীতি দাঙি ধৰা নাছিলোঁ, তথাপি এজন ব্ৰাহ্মণে তাক সমৰ্থন কৰিলে। এনেতে আবেদন কাৰীসকলৰ এজন উঠি ক'লে,-“প্ৰস্তাবটোৰ মই প্ৰতিবাদ কৰোঁ। আমি আবেদন কৰিছোঁ, প্ৰস্তাবটো অকল আমাৰ বিষয়ে কৰিব লাগে। আমাক গোসায়ে পৰাচিত কৰি জলাচৰণীয় কৰি গৈছে আৰু আগৰে পৰা আমাৰ লগত একে সম্প্ৰদায়ভুক্ত হৈ থকা যিবোৰ এতিয় বাদ পৰিছে, তেওঁ- লোকৰ লগত সকলো সম্পৰ্ক ৰহিত কৰিবলৈ আদেশ দিছে। এতিয়া এই প্ৰস্তাব গ্ৰহণ কৰিলে আমি তেওঁলোকৰ লগতো খাব লগাত পৰিম। তেতিয়া হ'লে আমাৰ পৰাচিতৰ ধন- খিনি এনেয়ে গ’ল। সেই কাৰণে অকল আমাৰ সম্প্ৰদায়টো জলাচৰণীয় কৰাৰ প্ৰস্তাব দিয়ক।”
 ১১