কথা হৈছে কোনো কোনো সম্প্ৰদায়ৰ মানুহে জলাচৰণীয়
হ’বলৈ অনুমতি পাবৰ কাৰণে ব্ৰহ্ম-সমাজৰ ওচৰত আবেদন
কৰিছিল। ব্ৰহ্মসমাজে তাৰ বিচাৰৰ ভাৰ অকলৈ নলৈ,
সকলো জাত আৰু সম্প্ৰদায়ৰ মানুহক মাতি এই সভা পাতি-
ছিল। মোৰ যোৱাৰ কথাই নাছিল, পিচে সম্পাদকজনে টানি
ধৰাত গলোঁ।
প্ৰতিমা। কিয়? আপুনি দেখোন নিজে এনে চেষ্টা
সদায় কৰিব লাগিছে। তেনেস্থলত যোগ দিব নোখোজাৰ
কাৰণ কি?
মাধৱ। মোৰ উদ্দেশ্য একে হ’ব পাৰে, কিন্তু কাৰ্য্য়-
প্ৰণালী একে নহয়! তুমি তো জানাই এনে বিষয়ত মোৰ
নীতি কি। মই নিচেই সৰু কালৰে পৰা বিশ্বাস কৰি আহিছোঁ
যে আবেদন-নিবেদনেৰে দুৰ্ব্বল মানুহে অতি সামান্য কিবা
লাভ কৰিব পাৰিলেও ন্যায্য প্ৰাপ্য কেতিয়াও আদায় কৰিব
নোৱা সেই দেখিয়েই মই যিবোৰ অনুন্নত সমাজত
সোমাইছোঁ, সেইবোৰক শিকাই আহিছোঁ সুকীয়া-ভাবে নিজৰ
সমাজ গঢ়ি তুলিবলৈ, নিজৰ মাজত শিক্ষা বিস্তাৰ কৰিবলৈ
আৰু যিবিলাকে তেওঁলোকক আন্ধাৰতে হেঁচা মাৰি ধৰি
ৰাখিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ লগত অসহযোগ কৰিবলৈ।
-যেতিয়া তেওঁলোকে এনেদৰে নিজৰ সম্প্ৰদায়টোক উন্নত কৰি
তুলি আত্মনিৰ্ভৰশীল কৰিব পাৰিব, তেতিয়া উন্নত সমাজে
নিজে আহি তেওঁলোকক লগৰীয়া কৰি ল'বলৈ বাধ্য হ’ব।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৬৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৯
অনুন্নতৰ মনোবৃত্তি