মাধৱ। কৰিছিলোঁ;—এবছৰ।
যাদৱ। তেওঁৰ ঘৰ-দুৱাৰ, পৰিয়ালৰ মানুহ, সমাজত
তেওঁৰ ঠাই, তেওঁৰ ধন-সম্পত্তি আদিৰ বিষয়ে তোৰ নজনা
কথা বোধ কৰোঁ একো নাই।
মাধৱ। নাই।
যাদৱ। তেওঁৰ নুমলীয়া ছোৱালীজনী কেনেকুৱা?
মাধৱ। বৰ ধুনীয়া ছোৱালী; এইবাৰ মেট্ৰিক্য়ুলেশ্য়ন
পৰীক্ষা দিছে। প্ৰথম বিভাগত পাচ হোৱাৰ আশা আছে
বুলি কৈছে।
যাদৱ। ধৰ সেইজনী ছোৱালীকে যদি তোলৈ ঠিক কৰোঁ
তাত তোৰ কিবা আপত্তি আছে নে?
মাধৱ। আছে।
যাদৱ। কিয়? তোৰ মতেই দেখোন ছোৱালীজনী
ৰূপে-গুণে উপযুক্ত।
মাধৱ। কিন্তু মই যে তেওঁৰ নিমিত্তে অনুপযুক্ত।
যাদৱ। কেনেকৈ? ৰায় চাহাবে দেখোন নিজে মোলৈ
এই প্ৰস্তাব কৰিছে। প্ৰতিমাৰ সম্পৰ্কে ওলোৱা কথাবোৰ
যে মিছা এই প্ৰস্তাব পোৱাতহে মই সঠিককৈ বুজিব
পাৰিছোঁ। কিয়নো ৰায় চাহাবৰ নিচিনা মানুহে তাৰ সত্যতাৰ
বিষয়ে সামান্য প্ৰমাণ পোৱা হলেও এই প্ৰস্তাব নকৰে।
মাধৱ। ৰায় চাহাবৰ মতে মই উপযুক্ত হ'ব পাৰোঁ, কিন্তু
মোৰ উপযুক্ততাৰ কথা মোতকৈ আনে বেচিকৈ জানিব নোৱাৰে।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৮
আবিষ্কাৰ