পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৭
আশীৰ্ব্বাদ

আৰু তেৱোঁ মোৰ দৰে জীৱন-যাপন কৰিবলৈ কৃতসঙ্কল্প হয়, তেন্তে বিয়া কৰালেও কৰাব পাৰোঁ। নহলে এতিয়াৰ দৰেই অকলৈ মোৰ কাম কৰি গৈ থাকিম।
 যাদৱ। মই শুনিছিলোঁ প্ৰতিমা নে কি নামেৰে এজনীক তই তোৰ লগৰীয়া কৰি লৈছিলি। সেই বিষয়ে মই বহুতৰ পৰা বহুত চিঠিও পাইছিলোঁ। তাইকে বিয়া কৰাব খুজিছ নে কি?
 মাধৱ। নাই খোজা। সঁচা, কিছুমান দিন মই তেওঁৰ অভিভাবক আছিলোঁ আৰু তেওঁক অধঃপতনৰ পৰা ৰক্ষা কৰিবলৈ যত্ন কৰিছিলোঁ। সেই কালত মোৰ নিৰ্দ্দেশমতে তেওঁ দেশৰ নিমিত্তে মঙ্গলজনক এটা অনুষ্ঠানো গঢ়ি তুলিছিল। বৰ্ত্তমান তেওঁ কংগ্ৰেচপন্থী, মোৰ কাৰ্য্য়ৰ লগত এতিয়া তেওঁৰ কোনো সম্পৰ্ক নাই। তেওঁৰ লগত মোৰ সম্পৰ্ক আছিল গুৰু-শিষ্যৰ সম্পৰ্কৰ দৰে। কলুষিত মনৰ কিছুমান মানুহে তাক আন প্ৰকাৰে ব্যাখ্যা কৰিব পাৰে, কিন্তু মই আশা কৰোঁ, তুমি তেনে কথা পতিওৱা নাই।
 যাদৱ। মই নপতিয়ালেও মাজে মাজে সন্দেহ নজন্মাকৈ থকা নাছিল। কিন্তু এতিয়া সেই সন্দেহ নাই।
 মাধৱ। কিয়?
 যাদৱ। কিয় ক’ম। তাৰ আগতে আৰু এটা কথা, সোধোঁ-তই ৰায় চাহাব জগদানন্দ বৰকাকতীৰ সহযোগী হৈ কিছুমান দিন কাম কৰিছিলি?