পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৯
আশীৰ্ব্বাদ


 যাদৱ। তই নো বাৰু অনুপযুক্ত হলি কেনেকৈ?
 মাধৱ। ৰায় চাহাবৰ ছোৱালীৰ ৰূপ-গুণৰ লগৰীয়া আৰু কিছুমান বৈশিষ্ট্য আছে যি মোৰ জীৱনৰ লগত খাপ নাখায়। তেওঁলোকে নিজৰ ভাত-মুঠি আৰু চাহ-টোপাৰ নিমিত্তেও নিৰ্ভৰ কৰে “ঠাকুৰ,” চাকৰৰ ওপৰত; গা ধুই তিয়নিখন নিজ হাতে মেলি দিয়াটো অপমানজনক বুলি ভাবে , মটৰ নহলে ওচৰচুবুৰীয়াৰ ঘৰলৈকো যাব নোৱাৰে। মোৰ ঘৰত যে এইবোৰ সুবিধা নাপায় সি ঠিৰাং। তাৰ ফলত দুয়োৰে জীৱন দুৰ্ব্বহ হৈ উঠিব। এনে বিবাহৰ ফলত দুই- এজনৰ অকাল মৃত্যু হোৱাও দেখা গৈছে।
 যাদৱ। তেনেহলে তোৰ বিয়াৰ আশা এৰিব লগাতেই পৰিল। ৰায় চাহাবৰ প্ৰস্তাৱত মাই বৰ আনন্দ পাইছিল, ময়ো ভাবিছিলোঁ কুল, বংশ-গৌৰৱ, অৱস্থা, ছোৱালীৰ ৰূপ-গুণ সকলো অনুকূল যেতিয়া ইয়াত কোনো আপত্তি নোলায়। ৰায় চাহাবেও বৰকৈ আশা কৰিছিল। তেওঁ প্ৰস্তাবটো তোৰ ওচৰতেই কৰিলেহেতেন কিন্তু তই কিজানি চিৰকুমাৰ হৈ থাকিবলৈকে মন কৰিছ আৰু সেয়ে হলে তেওঁৰ প্ৰস্তাব মুখৰ আগতে প্ৰত্যাখ্যান কৰিবি – এই বুলিহে মোলৈ লিখিছে। মই চিঠিতেই এই কথা লিখিলোঁহেতেন, কিন্তু আগে পিচে এনে প্ৰস্তাৱৰ যি উত্তৰ পাওঁ তাক মনত পেলাই নিলিখি মাতি পঠাইছিলোঁ। কিন্তু তোৰ যি সিদ্ধান্ত পালোঁ, নমতা হলেও চলিলহেতেন। পিচে এটা কথা। তই বিয়া নকৰালে মাৰ মনত বৰ দুখ দিয়া হ'ব।