পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

বিংশ অধ্যায়।

-আশীৰ্ব্বাদ—

 ৰাতি খাই-বৈ উঠাৰ পাচত মাধৱে যদিৱক সুধিলে,— “পিচে দাদা, তুমি মোক বিশেষ প্ৰয়োজন আছে বুলি মাতি পঠাইছিলা, মই কিন্তু প্ৰয়োজনটো কি এতিয়াও গম পোৱা নাই।”
 যাদৱ। বাৰু লাহে লাহে গম পালেও হ’ব। তদুপৰি ইয়াত মই আছোঁ, মা আছে; তেনে স্থলত আন সময়ত নহলেও বিহুৱে-সংক্ৰান্তিয়ে এবাৰ দেখা দিয়া জানো তোৰ উচিত নহয়? নে সেইটো তই অপ্ৰয়োজনীয় বুলিয়েই ধৰিছ?
 মাধৱ। নাই ধৰা। কিন্তু তেনেকৈ অহা-যোৱা কৰি থাকিলে মোৰ বহুতো কাম পেলাই থব লগা হয়। আকৌ মাৰ ওচৰলৈ আহিলেই মা অকল বিয়া বিয়াকৈয়ে বলিয়া হয়, সেই দেখি ওচৰ চাপিবলৈ সাহেই নজন্মে।
 যাদৱ। অকল মাই কিয়, বিয়াৰ কথা ময়ো ক’ম। তই অহৌ বলিয়াটোৰ দৰে অঘৰী হৈয়েই গোটেই জীৱন কটাব খুজিলেও আমি তেনে কৰিবলৈ তোক এৰি দিব
 ১০